ৰেঞ্জ ৰ’ভাৰ বিক্ৰীৰ বিতৰ্কৰ মাজতে সামাজিক মাধ্যমত তীব্ৰ সমালোচনাৰ সন্মুখীন হৈ সামাজিক মাধ্যমৰ পৰা আঁতৰি থকাৰ সিদ্ধান্ত জুবিন গাৰ্গৰ ভগ্নী ডাঃ পামী বৰঠাকুৰৰ।
প্ৰয়াত কণ্ঠশিল্পী জুবিন গাৰ্গৰ ব্যৱহৃত ৰেঞ্জ ৰ’ভাৰ ভেলাৰ বাহনখন বিক্ৰীক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিতৰ্কৰ মাজতে সামাজিক মাধ্যমৰ পৰা সাময়িকভাৱে আঁতৰি থকাৰ কথা ঘোষণা কৰিছে তেওঁৰ ভগ্নী ডাঃ…
নিজৰ ফেচবুক একাউণ্টত পামী বৰঠাকুৰে উল্লেখ কৰে যে তেওঁ বৰ্তমানৰ বাবে সামাজিক মাধ্যমৰ পৰা বিদায় লৈছে।
উল্লেখ্য যে যোৱা ২০ নৱেম্বৰত তৃণমূল কংগ্ৰেছৰ নেতা দুলু আহমেদে বাহনখন বিক্ৰী হোৱাৰ কথা ৰাজহুৱা কৰাৰ পিছতেই বিতৰ্কৰ সূত্ৰপাত ঘটে।
এএছ-০১-জিএ-৯৯৯৯ নম্বৰৰ এই বিলাসী বাহনখন ২০২৪ চনৰ মাৰ্চ মাহত প্ৰায় ২.১ কোটি টকাত ক্ৰয় কৰা হৈছিল।
newznow.in