প্ৰয়াত কণ্ঠশিল্পী জুবিন গাৰ্গৰ ব্যৱহৃত ৰেঞ্জ ৰ’ভাৰ ভেলাৰ বাহনখন বিক্ৰীক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিতৰ্কৰ মাজতে সামাজিক মাধ্যমৰ পৰা সাময়িকভাৱে আঁতৰি থকাৰ কথা ঘোষণা কৰিছে তেওঁৰ ভগ্নী ডাঃ পামী বৰঠাকুৰে। অনলাইন মাধ্যমত তীব্ৰ সমালোচনাৰ সন্মুখীন হোৱাৰ পিছতে সোমবাৰে ফেচবুকযোগে তেওঁ এই সিদ্ধান্তৰ কথা ৰাজহুৱা কৰে। একে সময়তে তেওঁ অনুৰাগীসকলৰ ওচৰত ক্ষমা বিচাৰি ভাতৃৰ ন্যায়ৰ বাবে যুঁজ অব্যাহত ৰখাৰ কথা উল্লেখ কৰে।

নিজৰ ফেচবুক একাউণ্টত পামী বৰঠাকুৰে উল্লেখ কৰে যে তেওঁ বৰ্তমানৰ বাবে সামাজিক মাধ্যমৰ পৰা বিদায় লৈছে। ইয়াৰ পূৰ্বে যোৱা ২২ নৱেম্বৰত বাহনখনৰ বিক্ৰীক লৈ সৃষ্টি হোৱা বিতৰ্কৰ সময়ত তেওঁ পৰিয়ালৰ ব্যক্তিগত জীৱনৰ গোপনীয়তা ৰক্ষা কৰিবলৈ সকলোকে আহ্বান জনাইছিল।

উল্লেখ্য যে যোৱা ২০ নৱেম্বৰত তৃণমূল কংগ্ৰেছৰ নেতা দুলু আহমেদে বাহনখন বিক্ৰী হোৱাৰ কথা ৰাজহুৱা কৰাৰ পিছতেই বিতৰ্কৰ সূত্ৰপাত ঘটে। তেওঁ সদৰী কৰা তথ্য অনুসৰি, জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে বাহনখন আজাৰাৰ বাসিন্দা সন্মনি দাস নামৰ এজন ব্যক্তিক বিক্ৰী কৰে।

এএছ-০১-জিএ-৯৯৯৯ নম্বৰৰ এই বিলাসী বাহনখন ২০২৪ চনৰ মাৰ্চ মাহত প্ৰায় ২.১ কোটি টকাত ক্ৰয় কৰা হৈছিল। বাহনখন কিনাৰ সন্দৰ্ভত সন্মনি দাসে মন্তব্য কৰে যে তেওঁ কেৱল এখন গাড়ী হিচাপে নহয়, শিল্পীগৰাকীৰ প্ৰতি থকা শ্ৰদ্ধা আৰু ভালপোৱাৰ বাবেহে বাহনখন ক্ৰয় কৰিছে।

আনহাতে, জুবিন গাৰ্গৰ চাৰিগৰাকী ঘনিষ্ঠ বন্ধুৱে এতিয়া এই বাহনখন পুনৰ ক্ৰয় কৰাৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। প্ৰয়াত শিল্পীগৰাকীৰ স্মৃতিজড়িত বাহনখন ক্ৰয় কৰি জুবিন ক্ষেত্ৰত অনুৰাগীসকলৰ বাবে সংৰক্ষণ কৰাটোৱেই তেওঁলোকৰ মূল উদ্দেশ্য বুলি জানিব পৰা গৈছে।