উত্তৰ-পূৰ্বাঞ্চল

এবছৰৰ বিৰতিৰ অন্তত পুনৰ আৰম্ভ হ'ল ইম্ফল আৰু শিলচৰৰ মাজত পোনপটীয়া বিমান সেৱা

NewzNow · ২৪ নৱেম্বৰ ২০২৬

১ / ৫

মণিপুৰৰ ইম্ফল আৰু অসমৰ শিলচৰৰ মাজত পুনৰ আৰম্ভ হ'ল পোনপটীয়া বিমান সেৱা।

২ / ৫

ইম্ফল, ২৪ নৱেম্বৰ: প্ৰায় এবছৰৰ বিৰতিৰ অন্তত পুনৰ আৰম্ভ হ'ল মণিপুৰৰ ইম্ফল আৰু অসমৰ শিলচৰৰ মাজৰ পোনপটীয়া বিমান সেৱা।

৩ / ৫

মণিপুৰ চৰকাৰৰ ৰাজ্যিক ভায়েবলিটি গেপ ফাণ্ডিং (ভিজিএফ) আঁচনিৰ অধীনত এই বিমান সেৱা পুনৰ আৰম্ভ কৰা হৈছে।

৪ / ৫

এলায়েন্স এয়াৰে এটিআৰ ৭২ বিমানৰ জৰিয়তে এই সেৱা আগবঢ়াব।

৫ / ৫

বিগত প্ৰায় এবছৰ ধৰি বিমান চলাচল বন্ধ হৈ থকাৰ ফলত অঞ্চল দুটাৰ মাজত যাতায়াত কৰা লোকসকলে যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছিল।

এবছৰৰ বিৰতিৰ অন্তত পুনৰ আৰম্ভ হ'ল ইম্ফল আৰু শিলচৰৰ মাজত পোনপটীয়া বিমান সেৱা

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক