ইম্ফল, ২৪ নৱেম্বৰ: প্ৰায় এবছৰৰ বিৰতিৰ অন্তত পুনৰ আৰম্ভ হ'ল মণিপুৰৰ ইম্ফল আৰু অসমৰ শিলচৰৰ মাজৰ পোনপটীয়া বিমান সেৱা। মঙলবাৰে ইম্ফল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত এলায়েন্স এয়াৰৰ এই বিমান সেৱা আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে মণিপুৰৰ মুখ্যমন্ত্ৰী য়ুমনাম খেমচান্দ সিঙে।
মণিপুৰ চৰকাৰৰ ৰাজ্যিক ভায়েবলিটি গেপ ফাণ্ডিং (ভিজিএফ) আঁচনিৰ অধীনত এই বিমান সেৱা পুনৰ আৰম্ভ কৰা হৈছে। মণিপুৰৰ পৰা অসমৰ বৰাক উপত্যকালৈ যাতায়াত অধিক সহজ আৰু সুচল কৰাৰ উদ্দেশ্যে ৰাজ্যখনৰ পৰিবহণ সঞ্চালকালয়ে এই পদক্ষেপ গ্ৰহণ কৰে।
এলায়েন্স এয়াৰে এটিআৰ ৭২ বিমানৰ জৰিয়তে এই সেৱা আগবঢ়াব। নিৰ্ধাৰিত সময়সূচী অনুসৰি ৯আই৭৩১ নম্বৰৰ বিমানখনে ইম্ফলৰ পৰা পুৱা ৮.৩৫ বজাত উৰা মাৰি পুৱা ৯.৩০ বজাত শিলচৰত উপস্থিত হ'ব। প্ৰতি সপ্তাহৰ মঙলবাৰ আৰু বৃহস্পতিবাৰে যাত্ৰীসকলে এই সুবিধা লাভ কৰিব পাৰিব।
বিগত প্ৰায় এবছৰ ধৰি বিমান চলাচল বন্ধ হৈ থকাৰ ফলত অঞ্চল দুটাৰ মাজত যাতায়াত কৰা লোকসকলে যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছিল। বিশেষকৈ শিলচৰৰ পৰা প্ৰায় ৫০ কিলোমিটাৰ দূৰত্বত অৱস্থিত মণিপুৰৰ জিৰিবাম জিলাৰ বাসিন্দাসকলৰ বাবে এই সেৱা যথেষ্ট সুবিধাজনক হ'ব বুলি আশা কৰা হৈছে।
বিমান সেৱা উদ্বোধন কৰি মুখ্যমন্ত্ৰী য়ুমনাম খেমচান্দ সিঙে কয় যে উন্নত আঞ্চলিক বিমান সংযোগে যাতায়াত সুগম কৰাৰ উপৰি পৰ্যটন আৰু অৰ্থনৈতিক উন্নয়নত সহায় কৰিব। যাত্ৰীৰ চাহিদা বৃদ্ধি পালে বৰ্তমানৰ সপ্তাহত দুদিনীয়া সেৱা তিনিদিনলৈ সম্প্ৰসাৰণ কৰাৰ বিষয়টোও চৰকাৰে বিবেচনা কৰি আছে বুলি তেওঁ প্ৰকাশ কৰে।
ইফালে বিমান সেৱা শুভাৰম্ভ কৰাৰ পিছতে মুখ্যমন্ত্ৰীগৰাকীয়ে ইম্ফল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন সংহত টাৰ্মিনেল ভৱন নিৰ্মাণ প্ৰকল্পৰ অগ্ৰগতি পৰিদৰ্শন কৰে। ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ অধীনত নিৰ্মাণৰত এই প্ৰকল্প সম্পূৰ্ণ হ'লে বিমানবন্দৰটোৰ বাৰ্ষিক যাত্ৰী পৰিচালনাৰ ক্ষমতা বৰ্তমানৰ ১৩.৯ লাখৰ পৰা ৫০ লাখলৈ বৃদ্ধি পাব আৰু বিমানবন্দৰটো ২৪ ঘণ্টাই কাৰ্যক্ষম কৰি তোলাৰ পৰিকল্পনা কৰা হৈছে।
এই পোনপটীয়া বিমান সেৱা পুনৰ আৰম্ভ হোৱাৰ ফলত মণিপুৰ আৰু অসমৰ বৰাক উপত্যকাৰ মাজত যোগাযোগ ব্যৱস্থা শক্তিশালী হোৱাৰ লগতে ব্যৱসায়-বাণিজ্য আৰু পৰ্যটনৰ ক্ষেত্ৰতো নতুন গতি আহিব বুলি আশা প্ৰকাশ কৰা হৈছে।