কাজিৰঙাৰ শোকাৱহ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা ২৫ জন লোকৰ পৰিয়াললৈ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা ৫ লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
কাজিৰঙাৰ ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ২৫ জন লোকৰ পৰিয়াললৈ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা ৫ লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰিছে ৰাজ্য চৰকাৰে।
মুখ্যমন্ত্ৰীগৰাকীয়ে দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা আৰক্ষী জোৱান সুশীল ভূমিজৰ বাসগৃহতো উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালবৰ্গক গভীৰ সমবেদনা জ্ঞাপন কৰে।
মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে কোনো আৰ্থিক সাহায্যই আপোনজনক হেৰুওৱাৰ বেদনা পূৰণ কৰিব নোৱাৰে, তথাপি চৰকাৰে এই দুৰ্দশাগ্ৰস্ত পৰিয়ালসমূহৰ কাষত থিয় দিয়াৰ প্ৰয়াস কৰিছে।
ইয়াৰ উপৰি প্ৰধানমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰাও প্ৰতিটো পৰিয়াললৈ ২ লাখ টকাকৈ সাহায্য প্ৰেৰণ কৰা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে।
newznow.in