কাজিৰঙাৰ ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ২৫ জন লোকৰ পৰিয়াললৈ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা ৫ লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰিছে ৰাজ্য চৰকাৰে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতিটো পৰিয়াললৈ এই সাহায্যৰ চেক প্ৰদান কৰে।
মুখ্যমন্ত্ৰীগৰাকীয়ে দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা আৰক্ষী জোৱান সুশীল ভূমিজৰ বাসগৃহতো উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালবৰ্গক গভীৰ সমবেদনা জ্ঞাপন কৰে। দুৰ্ঘটনাস্থলী পৰিদৰ্শনৰ সময়ত দেখা পৰিস্থিতি অত্যন্ত বেদনাদায়ক আছিল বুলিও তেওঁ মন্তব্য কৰে।
মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে কোনো আৰ্থিক সাহায্যই আপোনজনক হেৰুওৱাৰ বেদনা পূৰণ কৰিব নোৱাৰে, তথাপি চৰকাৰে এই দুৰ্দশাগ্ৰস্ত পৰিয়ালসমূহৰ কাষত থিয় দিয়াৰ প্ৰয়াস কৰিছে।
ইয়াৰ উপৰি প্ৰধানমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰাও প্ৰতিটো পৰিয়াললৈ ২ লাখ টকাকৈ সাহায্য প্ৰেৰণ কৰা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। লগতে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা অতিৰিক্ত ২ লাখ টকা প্ৰদানৰ প্ৰক্ৰিয়াও চলি আছে বুলি মুখ্যমন্ত্ৰীয়ে সদৰী কৰে।
ভুক্তভোগী পৰিয়ালসমূহৰ ভিতৰত যিসকলে বৰ্তমানলৈকে অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰা নাই, তেওঁলোকক এই আঁচনিৰ অধীনলৈ অনাৰ ব্যৱস্থা কৰা হ’ব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে আশ্বাস দিয়ে। পৰিয়ালসমূহৰ অন্যান্য অভাৱ-অভিযোগ আৰু সমস্যাৰ ক্ষেত্ৰতো চৰকাৰে সহায় কৰিব বুলি তেওঁ জনায়।