বেলুচিস্তানৰ কেইবাটাও স্থানত চলোৱা ধাৰাবাহিক আক্ৰমণত ২০ পাকিস্তানী সেনা নিহত হোৱা বুলি দাবী কৰিছে বিদ্ৰোহী সংগঠন বেলুচিস্তান লিবাৰেচন আৰ্মীয়ে।
পাকিস্তানৰ বেলুচিস্তানত পুনৰ সেনা-বিদ্ৰোহীৰ মাজত সংঘাত বৃদ্ধি পাইছে।
বিএলএৰ মুখপাত্ৰ জিয়ান্দ বেলুচে সোমবাৰে প্ৰকাশ কৰা এক বিবৃতিত এই দাবী কৰে।
বিএলএৰ মতে, আক্ৰমণৰ আৰম্ভণিতে কাহৰ গোটে ড্ৰোনৰ সহায়ত সামৰিক ঘাটিক লক্ষ্য কৰি ১১টা আক্ৰমণ চলায়।
ইয়াৰ উপৰি ৰেকো আৰু হাৰুনীৰ সামৰিক শিবিৰলৈ গৈ থকা পাকিস্তানী সেনাৰ কনভয়কো আক্ৰমণ কৰাৰ দাবী কৰিছে বিএলএ-য়ে।
newznow.in