পাকিস্তানৰ বেলুচিস্তানত পুনৰ সেনা-বিদ্ৰোহীৰ মাজত সংঘাত বৃদ্ধি পাইছে। অঞ্চলটোৰ বিভিন্ন স্থানত চলোৱা কেইবাটাও আক্ৰমণত ২০ জন পাকিস্তানী সেনা নিহত হোৱা বুলি দাবী কৰিছে বিদ্ৰোহী সংগঠন বেলুচিস্তান লিবাৰেচন আৰ্মী চমুকৈ বিএলএ-য়ে। সংগঠনটোৱে সামৰিক ঘাটিসমূহ লক্ষ্য কৰি ১১টা ড্ৰোন আক্ৰমণ চলোৱাৰ কথাও প্ৰকাশ কৰিছে।

বিএলএৰ মুখপাত্ৰ জিয়ান্দ বেলুচে সোমবাৰে প্ৰকাশ কৰা এক বিবৃতিত এই দাবী কৰে। বিবৃতিটোত কোৱা হৈছে যে ২১ নৱেম্বৰত নুশ্বকীৰ হাঝদা খোল অঞ্চলত থকা পাকিস্তানী সেনাৰ ৯৩ উইং শিবিৰত আক্ৰমণ চলোৱা হৈছিল। এই অভিযানত সংগঠনটোৰ 'কাহৰ' নামৰ আকাশী গোট আৰু 'ফাতেহ স্কোৱাড' জড়িত আছিল বুলি দাবী কৰা হৈছে।

বিএলএৰ মতে, আক্ৰমণৰ আৰম্ভণিতে কাহৰ গোটে ড্ৰোনৰ সহায়ত সামৰিক ঘাটিক লক্ষ্য কৰি ১১টা আক্ৰমণ চলায়। ইয়াৰ পিছত সংগঠনটোৰ আন সদস্যসকলে বিভিন্ন দিশৰ পৰা গধুৰ অস্ত্ৰৰে আক্ৰমণ কৰে। এই আক্ৰমণত শিবিৰটোৰ ৮ জন সেনা নিহত আৰু ৭ জন আহত হয় বুলি সংগঠনটোৱে জনাইছে।

ইয়াৰ উপৰি ৰেকো আৰু হাৰুনীৰ সামৰিক শিবিৰলৈ গৈ থকা পাকিস্তানী সেনাৰ কনভয়কো আক্ৰমণ কৰাৰ দাবী কৰিছে বিএলএ-য়ে। সংগঠনটোৰ মতে, জাৰিন জংঘলত এখন দলং বিস্ফোৰণেৰে উৰুৱাই দিয়াৰ ফলত পাকিস্তানী সেনাই কেইবাঘণ্টালৈকে অতিৰিক্ত বাহিনী প্ৰেৰণ কৰিব পৰা নাছিল। নুশ্বকীত চলোৱা এই অভিযানত মুঠ ১৩ জন সেনা নিহত আৰু ১১ জনতকৈ অধিক আহত হয় বুলি দাবী কৰা হৈছে।

২১ নৱেম্বৰতে মস্তুঙৰ গুৰগিনা অঞ্চলতো আগবাঢ়ি অহা পাকিস্তানী সেনাক লক্ষ্য কৰি আক্ৰমণ চলোৱাৰ কথা জনাইছে সংগঠনটোৱে। প্ৰথমে আইইডি বিস্ফোৰণ ঘটোৱাৰ পিছত তিনিটা পৃথক স্থানত সশস্ত্ৰ আক্ৰমণ চলোৱা হৈছিল। এই আক্ৰমণত পাঁচজন সেনা নিহত আৰু কেইবাজনো আহত হোৱাৰ লগতে সেনাৰ বাহনসমূহৰো ক্ষতিসাধন হোৱা বুলি দাবী কৰা হৈছে।

ইফালে, ২২ নৱেম্বৰত চাগাই জিলাৰ তালো বৰ্তাগজি অঞ্চলত কোৱেটা-তাফতান বাণিজ্যিক পথ বন্ধ কৰি তালাচী অভিযান চলোৱাৰ কথাও প্ৰকাশ কৰিছে সংগঠনটোৱে। এই সময়ছোৱাত দুখন বাণিজ্যিক বাহন জব্দ কৰাৰ লগতে এটা সামৰিক কনভয়ৰ ওপৰতো আক্ৰমণ চলোৱাৰ দায়িত্ব স্বীকাৰ কৰিছে বিএলএ-য়ে। অৱশ্যে সেই আক্ৰমণত হতাহতৰ সংখ্যা প্ৰকাশ কৰা হোৱা নাই।

বিবৃতিটোত বিএলএ-য়ে পাকিস্তানী সেনাক বেলুচিস্তানৰ পৰা সম্পূৰ্ণৰূপে আঁতৰি যাবলৈ সকীয়নি দিছে। সামৰিক ঘাটি আৰু নিৰাপত্তা বাহিনীৰ বিৰুদ্ধে স্থল আৰু আকাশী অভিযান অব্যাহত ৰখাৰো ঘোষণা কৰিছে সংগঠনটোৱে। অৱশ্যে এই আক্ৰমণ আৰু হতাহতৰ সকলো তথ্য বিএলএৰ নিজা দাবীৰ ওপৰত ভিত্তি কৰিহে প্ৰকাশ পাইছে আৰু পাকিস্তানী সেনাৰ তৰফৰ পৰা এই সন্দৰ্ভত কোনো আনুষ্ঠানিক বক্তব্য প্ৰকাশ কৰা হোৱা নাই।