লক্ষ্ণৌৰ সাংসদ-বিধায়কৰ বিশেষ আদালতে ২৮ বছৰ পুৰণি এক গোচৰত প্ৰাক্তন সাংসদ বনৱাৰী লাল কঞ্চলসহ তিনিজন ব্যক্তিক ৩ বছৰৰ কাৰাদণ্ড আৰু ৩৬ হাজাৰ টকাকৈ জৰিমনা বিহে।
লক্ষ্ণৌ: উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত ২৮ বছৰ পুৰণি এটা গোচৰত প্ৰাক্তন ৰাজ্যসভা সাংসদ তথা ব্যৱসায়ী নেতা বনৱাৰী লাল কঞ্চলক তিনি বছৰৰ কাৰাদণ্ড বিহিছে সাংসদ-বিধায়কৰ বিশেষ আদালতে।
বিশেষ ন্যায়াধীশ উমাকান্ত জিন্দালে তিনিওজন অভিযুক্তক দোষী সাব্যস্ত কৰাৰ পাছতে তেওঁলোকৰ জামিন বাতিল কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।
ঘটনাৰ বিৱৰণি অনুসৰি, ১৯৯৮ চনৰ ১২ আগষ্টৰ দুপৰীয়া প্ৰায় ১.১৫ বজাত বনৱাৰী লাল কঞ্চলে প্ৰায় ২৫০ জন লোকৰ সৈতে লক্ষ্ণৌৰ হজৰতগঞ্জত থকা বাণিজ্য কৰ বিভাগৰ কাৰ্যালয়ত প্ৰৱেশ কৰিছিল।
দাখিল কৰা এজাহাৰ অনুসৰি, কাৰ্যালয়ত প্ৰৱেশ কৰা দলটোৰ হাতত লাঠী-সোটা আৰু বিভিন্ন অস্ত্ৰ-শস্ত্ৰ আছিল।
newznow.in