লক্ষ্ণৌ: উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত ২৮ বছৰ পুৰণি এটা গোচৰত প্ৰাক্তন ৰাজ্যসভা সাংসদ তথা ব্যৱসায়ী নেতা বনৱাৰী লাল কঞ্চলক তিনি বছৰৰ কাৰাদণ্ড বিহিছে সাংসদ-বিধায়কৰ বিশেষ আদালতে। এই গোচৰটোত কঞ্চলৰ লগতে সহযোগী হুকুমচন্দ আগৰৱাল আৰু দেশৰাজ আগৰৱালকো আদালতে তিনি বছৰৰ কাৰাদণ্ড বিহে। ইয়াৰ উপৰি আদালতে প্ৰতিগৰাকী দোষীক ৩৬ হাজাৰ টকাকৈ জৰিমনা বিহিছে।

বিশেষ ন্যায়াধীশ উমাকান্ত জিন্দালে তিনিওজন অভিযুক্তক দোষী সাব্যস্ত কৰাৰ পাছতে তেওঁলোকৰ জামিন বাতিল কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। ইয়াৰ পিছতে তিনিগৰাকী দোষীক কাৰাগাৰলৈ প্ৰেৰণ কৰা হয়।

কি আছিল ২৮ বছৰ পুৰণি গোচৰটো

ঘটনাৰ বিৱৰণি অনুসৰি, ১৯৯৮ চনৰ ১২ আগষ্টৰ দুপৰীয়া প্ৰায় ১.১৫ বজাত বনৱাৰী লাল কঞ্চলে প্ৰায় ২৫০ জন লোকৰ সৈতে লক্ষ্ণৌৰ হজৰতগঞ্জত থকা বাণিজ্য কৰ বিভাগৰ কাৰ্যালয়ত প্ৰৱেশ কৰিছিল। সেই সময়ত বিভাগটোৰ সহকাৰী আয়ুক্ত (প্ৰশাসন) এম এম কাটিয়াৰে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছিল।

দাখিল কৰা এজাহাৰ অনুসৰি, কাৰ্যালয়ত প্ৰৱেশ কৰা দলটোৰ হাতত লাঠী-সোটা আৰু বিভিন্ন অস্ত্ৰ-শস্ত্ৰ আছিল। লোকসকলে চৰকাৰী কাম-কাজত বাধা দিয়াৰ লগতে বিষয়া-কৰ্মচাৰীসকলক গালি-গালাজ আৰু ভাবুকি প্ৰদান কৰিছিল। বাধা দিবলৈ চেষ্টা কৰাত বিষয়াসকলক মাৰপিট কৰাৰ লগতে চৰকাৰী বাহন আৰু কাৰ্যালয় ভৱন ভাঙি লণ্ডভণ্ড কৰা হৈছিল।

এই ঘটনাৰ ভিত্তিত আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত সম্পন্ন কৰে আৰু বনৱাৰী লাল কঞ্চলসহ ছজন লোকৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল কৰে। বিচাৰ প্ৰক্ৰিয়া চলি থকাৰ সময়তে দুজন অভিযুক্তৰ মৃত্যু হয়। পৰ্যাপ্ত প্ৰমাণৰ অভাৱত ৰাজেন্দ্ৰ আগৰৱাল নামৰ এগৰাকী অভিযুক্তক আদালতে দোষমুক্ত ঘোষণা কৰে।

বিচাৰ প্ৰক্ৰিয়াত চৰকাৰী পক্ষই অভিযুক্তসকলৰ বিৰুদ্ধে ৯ গৰাকী সাক্ষী আৰু পাঁচটা তথ্যগত প্ৰমাণ দাখিল কৰিছিল। দীৰ্ঘদিনীয়া বিচাৰৰ অন্তত আদালতে তিনিওগৰাকী অভিযুক্তক দোষী সাব্যস্ত কৰি কাৰাদণ্ডৰ এই ৰায় ঘোষণা কৰে।

উল্লেখ্য যে, চৰকাৰী কাম-কাজত বাধা দিয়া আৰু বিষয়াক মাৰপিট কৰাৰ অন্য এক গোচৰত বনৱাৰী লাল কঞ্চলক ইয়াৰ পূৰ্বেও ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহত আদালতে দুবছৰৰ কাৰাদণ্ড বিহিছিল।