নুমলীগড়ত আৰ এল জি গ্ৰুপৰ ৭৫০ কোটি টকা ব্যয়সাপেক্ষ নতুন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।
নুমলীগড়: নুমলীগড়ত আৰ এল জি গ্ৰুপৰ ‘নুমলীগড় ইণ্ডাষ্ট্ৰিজ এলএলপি’ নামৰ এটা বৃহৎ ঔদ্যোগিক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।
আধাৰশিলা স্থাপন অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰী ড° শৰ্মাই কয় যে এডভান্টেজ আছাম সন্মিলনত আৰ এল জি গ্ৰুপে দিয়া প্ৰতিশ্ৰুতি অনুসৰি দুটাৰ পৰা তিনিটা পৰ্যায়ত এই ৭৫০ কোটি টকা বিনিয়োগ কৰা হ'ব।
প্ৰকল্পটোত উৎপাদন কাৰ্যৰ বাবে প্ৰয়োজনীয় কাৰ্বন মন'ক্সাইড নুমলীগড় শোধনাগাৰ লিমিটেডে (এন আৰ এল) আৰু মিথানল অসম পেট্ৰ'কেমিকেলছ লিমিটেডে (এ পি এল) যোগান ধৰিব।
ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয় যে ১৯৯৯ চনত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে বাৰ্ষিক ৩০ লাখ মেট্ৰিক টন ক্ষমতাৰ নুমলীগড় শোধনাগাৰ দেশবাসীক উৎসৰ্গা কৰিছিল।
newznow.in