নুমলীগড়: নুমলীগড়ত আৰ এল জি গ্ৰুপৰ ‘নুমলীগড় ইণ্ডাষ্ট্ৰিজ এলএলপি’ নামৰ এটা বৃহৎ ঔদ্যোগিক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। প্ৰায় ৭৫০ কোটি টকাৰ বিনিয়োগেৰে নিৰ্মাণ হ'বলগীয়া এই উদ্যোগটোত পেৰাচিটামলকে ধৰি ঔষধ উদ্যোগৰ বাবে প্ৰয়োজনীয় কেঁচা সামগ্ৰী উৎপাদন কৰা হ'ব।
আধাৰশিলা স্থাপন অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰী ড° শৰ্মাই কয় যে এডভান্টেজ আছাম সন্মিলনত আৰ এল জি গ্ৰুপে দিয়া প্ৰতিশ্ৰুতি অনুসৰি দুটাৰ পৰা তিনিটা পৰ্যায়ত এই ৭৫০ কোটি টকা বিনিয়োগ কৰা হ'ব। এই প্ৰকল্পটোৱে উজনি অসমক পেট্ৰ'কেমিকেল আৰু ঔষধ উদ্যোগৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ হিচাপে গঢ়ি তুলিব। ইয়াৰ জৰিয়তে ৩০০ৰো অধিক লোকৰ প্ৰত্যক্ষ আৰু পৰোক্ষ কৰ্মসংস্থাপনৰ সৃষ্টি হ'ব বুলিও তেওঁ জনায়।
প্ৰকল্পটোত উৎপাদন কাৰ্যৰ বাবে প্ৰয়োজনীয় কাৰ্বন মন'ক্সাইড নুমলীগড় শোধনাগাৰ লিমিটেডে (এন আৰ এল) আৰু মিথানল অসম পেট্ৰ'কেমিকেলছ লিমিটেডে (এ পি এল) যোগান ধৰিব। পেৰাচিটামলৰ কেঁচা সামগ্ৰীৰ উপৰিও এই প্ৰকল্পত ফৰ্মিক এচিড, এচেটিক এচিড আৰু এচেটিক এনহাইড্ৰাইড আদি ৰাসায়নিক দ্ৰব্যও উৎপাদন কৰা হ'ব। ইয়াৰ ফলত ৰাজ্যখনত প্ৰথমবাৰৰ বাবে ঔষধ উদ্যোগৰ এটা শক্তিশালী ভেটি গঢ় লৈ উঠিব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।
ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয় যে ১৯৯৯ চনত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে বাৰ্ষিক ৩০ লাখ মেট্ৰিক টন ক্ষমতাৰ নুমলীগড় শোধনাগাৰ দেশবাসীক উৎসৰ্গা কৰিছিল। বৰ্তমান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ইয়াৰ ক্ষমতা ৬০ লাখ টনলৈ বৃদ্ধিৰ কাম চলি থকাৰ লগতে ওড়িশাৰ পাৰাদ্বীপৰ পৰা খাৰুৱা তেল পৰিবহণৰ বাবে পাইপলাইন নিৰ্মাণ কৰা হৈছে। তদুপৰি ২০২৮ চনৰ ভিতৰত ৩.৩৬ লাখ টন উৎপাদন ক্ষমতাসম্পন্ন পলিপ্ৰ'পিলিন প্ৰকল্পৰ কামো সম্পূৰ্ণ হ'ব বুলি তেওঁ প্ৰকাশ কৰে।
মুখ্যমন্ত্ৰীয়ে লগতে জনায় যে কাজিৰঙাৰ এলিভেটেড কৰিডৰৰ নিবিদা প্ৰক্ৰিয়া সমাপ্ত হৈছে আৰু অহা এমাহ-দুমাহৰ ভিতৰতে ইয়াৰ ভূমিপূজন সম্পন্ন কৰা হ'ব।
উক্ত অনুষ্ঠানত ৰাজ্য চৰকাৰৰ মন্ত্ৰী অতুল বৰা, অজন্তা নেওগ, সাংসদ কামাখ্যা প্ৰসাদ তাছা, বিধায়ক মৃণাল শইকীয়া, বিশ্বজিৎ ফুকন আৰু উদ্যোগটোৰ পৰিচালন সঞ্চালক ৰাহুল গোৱেলকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।