বন্দে ভাৰত শ্লীপাৰ ৰে’লৰ আহাৰত সালসলনি ঘটাইছে ভাৰতীয় ৰে’লৱেই।
ৰে’লযাত্ৰীৰ বাবে যোগান ধৰা খাদ্যৰ তালিকাত গুৰুত্বপূৰ্ণ সালসলনি আনিছে ভাৰতীয় ৰে’লৱেই।
নতুন ব্যৱস্থাত খাদ্য তালিকাৰ পৰা ছুপ, চালাড, দৈ আৰু আচাৰৰ দৰে সামগ্ৰী আঁতৰোৱা হৈছে।
নতুন দিল্লী-বাৰাণসী, মুম্বাই-বেংগালুৰু আৰু হাওৰা-কামাখ্যা বন্দে ভাৰত শ্লীপাৰ ৰে’লত প্ৰথম পৰ্যায়ত এই নিয়ম কাৰ্যকৰী কৰা হৈছে।
নতুন তালিকা অনুসৰি, পুৱাৰ আহাৰত যাত্ৰীসকলে চাটনি আৰু সাম্বাৰৰ সৈতে ইডলি-ৱড়া, পোহা অথবা উপমাৰ মাজৰ পৰা যিকোনো এটা বিকল্প বাছি ল'ব পাৰিব।
newznow.in