ৰে’লযাত্ৰীৰ বাবে যোগান ধৰা খাদ্যৰ তালিকাত গুৰুত্বপূৰ্ণ সালসলনি আনিছে ভাৰতীয় ৰে’লৱেই। ১ নৱেম্বৰৰ পৰা তিনিখন বন্দে ভাৰত শ্লীপাৰ ৰে’লত এই নতুন খাদ্য তালিকা কাৰ্যকৰী কৰা হৈছে। পূৰ্বে প্ৰতিটো আহাৰত ৮ৰ পৰা ১০বিধ খাদ্য পৰিৱেশন কৰা হৈছিল যদিও এতিয়াৰে পৰা মাত্ৰ ৪বিধ খাদ্যহে দিয়া হ'ব।

নতুন ব্যৱস্থাত খাদ্য তালিকাৰ পৰা ছুপ, চালাড, দৈ আৰু আচাৰৰ দৰে সামগ্ৰী আঁতৰোৱা হৈছে। খাদ্যৰ মান আৰু বিশুদ্ধতা বজাই ৰখাৰ লক্ষ্যৰে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি ভাৰতীয় ৰে’ল কেটাৰিং এণ্ড টুৰিজিম কৰ্প'ৰেশ্যন চমুকৈ আইআৰচিটিচিয়ে প্ৰকাশ কৰিছে।

কোনবোৰ ৰে’লত প্ৰৱৰ্তন হৈছে এই ব্যৱস্থা?

নতুন দিল্লী-বাৰাণসী, মুম্বাই-বেংগালুৰু আৰু হাওৰা-কামাখ্যা বন্দে ভাৰত শ্লীপাৰ ৰে’লত প্ৰথম পৰ্যায়ত এই নিয়ম কাৰ্যকৰী কৰা হৈছে। খাদ্যৰ মান সন্দৰ্ভত যাত্ৰীসকলৰ পৰা পোৱা অভিযোগৰ পিছতে কৰ্তৃপক্ষই এনে পদক্ষেপ হাতত লৈছে বুলি জানিব পৰা গৈছে।

নতুন তালিকা অনুসৰি, পুৱাৰ আহাৰত যাত্ৰীসকলে চাটনি আৰু সাম্বাৰৰ সৈতে ইডলি-ৱড়া, পোহা অথবা উপমাৰ মাজৰ পৰা যিকোনো এটা বিকল্প বাছি ল'ব পাৰিব। পূৰ্বৰ তালিকাত থকা ছুপ, অমলেট, অমলেট ছেণ্ডউইচ, ভেজ ছেণ্ডউইচ, ছাছ আৰু চকলেট আঁতৰাই দিয়া হৈছে।

দুপৰীয়া আৰু নিশাৰ আহাৰত থাকিব চাপাটি, ভাত, দাইল আৰু এবিধ মুখ্য পাচলি। আনহাতে আমিষভোজী যাত্ৰীসকলৰ বাবে মুৰ্গীৰ মাংসৰ বিকল্প উপলব্ধ হ'ব। পূৰ্বে পৰিৱেশন কৰা চালাড, দৈ, আচাৰ, শুকান পাচলি আৰু মিঠাই এই নতুন তালিকাত অন্তৰ্ভুক্ত কৰা হোৱা নাই।

খাদ্যৰ মুঠ পৰিমাণো হ্ৰাস

খাদ্যৰ প্ৰকাৰৰ সংখ্যা হ্ৰাস পোৱাৰ লগে লগে আহাৰৰ মুঠ ওজনো হ্ৰাস পাইছে। পূৰ্বে এটা আহাৰৰ ওজন প্ৰায় ৭০০ৰ পৰা ৭৫০ গ্ৰাম আছিল যদিও এতিয়া সেয়া প্ৰায় ৪৫০ৰ পৰা ৫০০ গ্ৰামলৈ হ্ৰাস পাইছে। আইআৰচিটিচিৰ মতে, প্ৰতিটো খাদ্য সামগ্ৰীৰ নিৰ্ধাৰিত পৰিমাণ কমোৱা হোৱা নাই, কেৱল কাঁহীত থকা খাদ্যৰ ভিন্নতাহে সীমিত কৰা হৈছে।

খাদ্যৰ মান অধিক উন্নত কৰিবলৈ পূৰ্বৰ খাদ্য যোগানকাৰীৰ পৰিৱৰ্তে বৃহৎ ক্লাউড কিচেন অৰ্থাৎ কেন্দ্ৰীয় আধুনিক পাকঘৰৰ জৰিয়তে খাদ্য প্ৰস্তুত কৰাৰ পৰিকল্পনা কৰা হৈছে। সীমিত খাদ্য তালিকা আৰু উন্নত পাকঘৰৰ জৰিয়তে খাদ্যৰ গুণাগুণ উন্নত হ'ব বুলি ৰে’ল বিষয়াসকলে আশা প্ৰকাশ কৰিছে। বৰ্তমানৰ তিনিখন ৰে’লত যাত্ৰীৰ প্ৰতিক্ৰিয়া নিৰীক্ষণ কৰাৰ পিছতহে আন ৰে’লসমূহত এই ব্যৱস্থা প্ৰৱৰ্তনৰ সিদ্ধান্ত লোৱা হ'ব।