ছবছৰ দিন ধৰি পশ্চিমবংগৰ পৰা নিখোঁজ হৈ থকা এজন যুৱক অৱশেষত ডিগবৈত উদ্ধাৰ হৈছে।
মহামাৰী কভিদ- ১৯ লকডাউনৰ সময়ৰে পৰা চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ পুৰুলীয়াৰ জিলাৰ ৰঘুনাথপুৰ থানা এলেকাৰ অন্তৰ্গত উপৰ শংকৰা গাঁৱৰ নিবাসী মাধৱ বাগতিৰ পুত্র আশীষ বাগতি(৩২) নামৰ যুৱকজন সন্ধানহীন হৈ…
বিগত কিছু বছৰ ধৰি যুৱকজন ডিগবৈ তথা আশেপাশে অনাই বনাই ঘূৰি ফুৰা পৰিলক্ষিত হৈছিল।
ডিগবৈ চাৰিআলি বজাৰৰ পিংকু দেৱনাথে যুৱকজনৰ সৈতে দীঘলীয়া কথা পাতি আশীষ বাগতিৰ ঠিকনাৰ সন্দৰ্ভত সোধপোচ কৰাত আশীষে তেওঁ বসবাস কৰা অঞ্চলটোৰ নাম উল্লেখ কৰে।
পৰৱৰ্তী সময়ত পিংকু দেৱনাথে পশ্চিম বংগৰ পুৰুলীয়া জিলাৰ ৰঘুনাথপুৰ থানাৰ সৈতে যোগাযোগ কৰি যুৱকজনৰ বিষয়ে অৱগত কৰাত সেই অঞ্চলৰ আৰক্ষীয়ে তেওঁৰ পৰিয়ালৰ সৈতে তাৎক্ষণিক ভাৱে যোগাযোগ কৰে।
newznow.in