ছবছৰ দিন ধৰি পশ্চিমবংগৰ পৰা নিখোঁজ হৈ থকা এজন যুৱক অৱশেষত ডিগবৈত উদ্ধাৰ হৈছে। মহামাৰী কভিদ- ১৯ লকডাউনৰ সময়ৰে পৰা চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ পুৰুলীয়াৰ জিলাৰ ৰঘুনাথপুৰ থানা এলেকাৰ অন্তৰ্গত উপৰ শংকৰা গাঁৱৰ নিবাসী মাধৱ বাগতিৰ পুত্র আশীষ বাগতি(৩২) নামৰ যুৱকজন সন্ধানহীন হৈ আছিল। বিগত কিছু বছৰ ধৰি যুৱকজন ডিগবৈ তথা আশেপাশে অনাই বনাই ঘূৰি ফুৰা পৰিলক্ষিত হৈছিল। ডিগবৈ চাৰিআলি বজাৰৰ পিংকু দেৱনাথে যুৱকজনৰ সৈতে দীঘলীয়া কথা পাতি আশীষ বাগতিৰ ঠিকনাৰ সন্দৰ্ভত সোধপোচ কৰাত আশীষে তেওঁ বসবাস কৰা অঞ্চলটোৰ নাম উল্লেখ কৰে। পৰৱৰ্তী সময়ত পিংকু দেৱনাথে পশ্চিম বংগৰ পুৰুলীয়া জিলাৰ ৰঘুনাথপুৰ থানাৰ সৈতে যোগাযোগ কৰি যুৱকজনৰ বিষয়ে অৱগত কৰাত সেই অঞ্চলৰ আৰক্ষীয়ে তেওঁৰ পৰিয়ালৰ সৈতে তাৎক্ষণিক ভাৱে যোগাযোগ কৰে। পৰৱৰ্তী সময়ত ডিগবৈ আৰক্ষীৰ জড়িয়তে পুৰুলীয়া জিলাৰ আৰক্ষীৰ সৈতে যোগাযোগ কৰি আশীষৰ পৰিয়াল বৰ্গই তেওঁলোকৰ সন্ধানহীন পুত্ৰৰ সম্ভেদৰ সন্দৰ্ভত নিশ্চিত হয়। আজি ডিগবৈ চাৰিআলি বজাৰৰ পিংকু দেৱনাথ, ৰাজু দেৱনাথ আৰু ভিডিপি সদস্য ৰিয়াজ উদ্দীনৰ সহযোগত পশ্চিম বংগ আৰক্ষীৰ সৈতে আশীষৰ পিতৃ তথা পৰিয়ালৰ লোকৰ উপস্থিতিত ডিগবৈ আৰক্ষীয়ে সম্পূৰ্ণ সুস্থ অৱস্থাত আশীষক পিতৃৰ হাতত অৰ্পণ কৰে। প্ৰায় ছয় বছৰৰ বিচ্ছেদৰ অন্তত নিজ পুত্ৰৰ সৈতে পুনমিলন হৈ পিতৃ মাধৱ কাকতি উৎফুল্লিত হৈ পৰাৰ লগতে সকলোকে ধন্যবাদ জনায় । ডিগবৈ আৰক্ষী থানাৰ অচি প্ৰাঞ্জল চেতিয়াই যাৱতীয় নথিপত্ৰ প্ৰদান কৰি আশীষ বাগতিক বিদায় দিয়ে।