অসমীয়া জাতিৰ স্বাভিমান, সাহস আৰু বীৰত্বৰ প্ৰতীক মহাবীৰ লাচিত বৰফুকন।
স্মৰণ বৰ্ষৰ ৪ৰ্থ বৰ্ষ উপলক্ষে টাই আহোম যুৱ পৰিষদ, অসম (টাইপা) কেন্দ্ৰীয় সমিতিৰ আহ্বানত আৰু ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত আজি ডিব্ৰুগড়ৰ চৌকিডিঙ্গীস্থিত টাইপাৰ মুখ্য কাৰ্যালয়ত উদযাপন কৰা…
এই অনুষ্ঠানত বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধিৰ লগতে ডিব্ৰুগড়ৰ বহু কেইগৰাকী গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।
মহাবীৰ লাচিত বৰফুকনৰ বীৰত্ব, দেশপ্ৰেম আৰু জাতীয় চেতনাৰ আদৰ্শ নতুন প্ৰজন্মৰ মাজত জীয়াই ৰখাৰ লগতে তেওঁৰ মহান ত্যাগ আৰু আদৰ্শক স্মৰণ কৰাৰ উদ্দেশ্যেৰে এই কাৰ্যসূচীৰ আয়োজন কৰা হয়।
শৰাইঘাটৰ যুদ্ধত নিজৰ অসীম সাহস, দেশপ্ৰেম আৰু নেতৃত্বৰে মোগলক পৰাস্ত কৰি অসমীয়া জাতিৰ গৌৰৱময় ইতিহাসত সোণালী অধ্যায় ৰচনা কৰিছিল এইগৰাকী মহান বীৰে।
newznow.in