অসমীয়া জাতিৰ স্বাভিমান, সাহস আৰু বীৰত্বৰ প্ৰতীক মহাবীৰ লাচিত বৰফুকন। শৰাইঘাটৰ যুদ্ধত নিজৰ অসীম সাহস, দেশপ্ৰেম আৰু নেতৃত্বৰে মোগলক পৰাস্ত কৰি অসমীয়া জাতিৰ গৌৰৱময় ইতিহাসত সোণালী অধ্যায় ৰচনা কৰিছিল এইগৰাকী মহান বীৰে। তেওঁৰ অদম্য সাহস আৰু মাতৃভূমিৰ প্ৰতি থকা আত্মত্যাগৰ আদৰ্শ আজিও প্ৰতিগৰাকী অসমীয়াৰ বাবে চিৰপ্ৰেৰণাৰ উৎস।
স্মৰণ বৰ্ষৰ ৪ৰ্থ বৰ্ষ উপলক্ষে টাই আহোম যুৱ পৰিষদ, অসম (টাইপা) কেন্দ্ৰীয় সমিতিৰ আহ্বানত আৰু ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত আজি ডিব্ৰুগড়ৰ চৌকিডিঙ্গীস্থিত টাইপাৰ মুখ্য কাৰ্যালয়ত উদযাপন কৰা হয় ৪০৪ সংখ্যক মহাবীৰ লাচিত দিৱস।
এই অনুষ্ঠানত বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধিৰ লগতে ডিব্ৰুগড়ৰ বহু কেইগৰাকী গণ্য-মান্য ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানত উপস্থিত বিশিষ্ট ব্যক্তিসকলে মহাবীৰ লাচিত বৰফুকনৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তেওঁৰ বীৰত্বপূৰ্ণ জীৱন, দেশপ্ৰেম, সাহস আৰু অসমীয়া জাতিৰ প্ৰতি আগবঢ়োৱা অৱদানৰ বিষয়ে বক্তব্য আগবঢ়ায়।
মহাবীৰ লাচিত বৰফুকনৰ বীৰত্ব, দেশপ্ৰেম আৰু জাতীয় চেতনাৰ আদৰ্শ নতুন প্ৰজন্মৰ মাজত জীয়াই ৰখাৰ লগতে তেওঁৰ মহান ত্যাগ আৰু আদৰ্শক স্মৰণ কৰাৰ উদ্দেশ্যেৰে এই কাৰ্যসূচীৰ আয়োজন কৰা হয়।