ইছলামাবাদৰ বুজাবুজিৰ চুক্তি সন্দৰ্ভত ট্ৰাম্পৰ মন্তব্যক লৈ ইৰানে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।
তেহৰান, ২৮ অক্টোবৰঃ ইছলামাবাদৰ বুজাবুজিৰ চুক্তি (MoU) সন্দৰ্ভত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কৰা মন্তব্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ইৰানে।
বাঘাইৰ মতে, ইছলামাবাদৰ বুজাবুজিৰ চুক্তিক সময়ৰ অপচয় বুলি গণ্য কৰা সন্দৰ্ভত ট্ৰাম্পে কৰা মন্তব্যই আমেৰিকাৰ কূটনৈতিক প্ৰতিশ্ৰুতিৰ বিশ্বাসযোগ্যতাক লৈ প্ৰশ্ন উত্থাপন কৰিছে।
ইৰানৰ মুখপাত্ৰগৰাকীয়ে লগতে আন্তঃৰাষ্ট্ৰীয় আইন সকলো দেশৰ ক্ষেত্ৰতে সমানে প্ৰয়োগ কৰাৰ আহ্বান জনায়।
উল্লেখ্য যে, মিছিছিপিত অনুষ্ঠিত এখন ৰাজনৈতিক সভাত ট্ৰাম্পে যুদ্ধবিৰতি সন্দৰ্ভত মন্তব্য কৰি ইয়াক লৈ তেওঁৰ বিশেষ সন্তুষ্টি নথকাৰ কথা কৈছিল।
newznow.in