তেহৰান, ২৮ অক্টোবৰঃ ইছলামাবাদৰ বুজাবুজিৰ চুক্তি (MoU) সন্দৰ্ভত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কৰা মন্তব্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ইৰানে। ইৰানৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ইছমাইল বাঘাইয়ে আমেৰিকাৰ বিৰুদ্ধে কূটনৈতিক প্ৰতিশ্ৰুতিৰ প্ৰতি অৱজ্ঞা প্ৰদৰ্শন কৰাৰ অভিযোগ উত্থাপন কৰিছে।

বাঘাইৰ মতে, ইছলামাবাদৰ বুজাবুজিৰ চুক্তিক সময়ৰ অপচয় বুলি গণ্য কৰা সন্দৰ্ভত ট্ৰাম্পে কৰা মন্তব্যই আমেৰিকাৰ কূটনৈতিক প্ৰতিশ্ৰুতিৰ বিশ্বাসযোগ্যতাক লৈ প্ৰশ্ন উত্থাপন কৰিছে। তেওঁ কয় যে কোনো পক্ষই নিজৰ সুবিধা অনুসৰি প্ৰতিশ্ৰুতিৰ পৰা আঁতৰি আহিব নোৱাৰে।

ইৰানৰ মুখপাত্ৰগৰাকীয়ে লগতে আন্তঃৰাষ্ট্ৰীয় আইন সকলো দেশৰ ক্ষেত্ৰতে সমানে প্ৰয়োগ কৰাৰ আহ্বান জনায়। তেওঁৰ মতে, প্ৰতিশ্ৰুতি ভংগৰ ক্ষেত্ৰত কোনো পক্ষকে দায়বদ্ধতাৰ পৰা ৰেহাই দিয়া উচিত নহয়।

উল্লেখ্য যে, মিছিছিপিত অনুষ্ঠিত এখন ৰাজনৈতিক সভাত ট্ৰাম্পে যুদ্ধবিৰতি সন্দৰ্ভত মন্তব্য কৰি ইয়াক লৈ তেওঁৰ বিশেষ সন্তুষ্টি নথকাৰ কথা কৈছিল। এই মন্তব্যৰ পিছতে ইৰানৰ তৰফৰ পৰা প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হয়।

আমেৰিকা আৰু ইৰানৰ মাজত উত্তেজনা অব্যাহত থকাৰ সময়তে এই বিবাদে দুয়োখন দেশৰ মাজৰ কূটনৈতিক সম্পৰ্ক আৰু আলোচনাৰ সম্ভাৱনাক লৈ নতুন চৰ্চাৰ সৃষ্টি কৰিছে।