অসম

দুলীয়াজানৰ ত্ৰিপল মাৰ্ডাৰ কাণ্ডত নতুন মোৰ! অভিযুক্তক পলায়নত সহায় কৰাৰ সন্দেহত ৰহস্যময়ী মহিলাৰ সন্ধানত আৰক্ষী

NewzNow · ২৪ নৱেম্বৰ ২০২৬

🎧 শুনি শুনি চাওক
১ / ৫

দুলীয়াজানৰ তিনিজনীয়া হত্যাকাণ্ডৰ দুই অভিযুক্তক পলায়নত সহায় কৰাৰ সন্দেহত এগৰাকী মহিলাৰ সন্ধানত তিনিচুকীয়াৰ এখন হোটেলত অভিযান চলাইছে ডিব্ৰুগড় আৰক্ষীয়ে।

২ / ৫

দুলীয়াজানৰ চাঞ্চল্যকৰ তিনিজনীয়া হত্যাকাণ্ডৰ তদন্তত এক নতুন তথ্য পোহৰলৈ আহিছে।

৩ / ৫

ঘটনাৰ তদন্তৰ অংশ হিচাপে সোমবাৰে নিশা তিনিচুকীয়াৰ তিনিকোণীয়া অঞ্চলত থকা এখন হোটেলত অভিযান চলায় ডিব্ৰুগড় আৰক্ষীৰ এটা দলে।

৪ / ৫

আৰক্ষীৰ সন্দেহ অনুসৰি, ১৬ নৱেম্বৰত দুলীয়াজানৰ কামলাবাৰীত এই হত্যাকাণ্ড সংঘটিত কৰাৰ পিছত ৰাজু দাস আৰু আমিৰ দাসক পলায়নত মহিলাগৰাকীয়ে সহায় কৰিছিল।

৫ / ৫

উল্লেখ্য যে, কামলাবাৰীৰ নিজ বাসগৃহতে অইল ইণ্ডিয়া লিমিটেডৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী চন্দ্ৰকান্ত ভূঞা, তেওঁৰ পত্নী এলিজা ভূঞা আৰু কন্যা নিহাৰিকা ভূঞাক হাতুৰীৰে আক্ৰমণ কৰি হত্যা কৰা হৈছিল।

দুলীয়াজানৰ ত্ৰিপল মাৰ্ডাৰ কাণ্ডত নতুন মোৰ! অভিযুক্তক পলায়নত সহায় কৰাৰ সন্দেহত ৰহস্যময়ী মহিলাৰ সন্ধানত আৰক্ষী

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক