দুলীয়াজানৰ চাঞ্চল্যকৰ তিনিজনীয়া হত্যাকাণ্ডৰ তদন্তত এক নতুন তথ্য পোহৰলৈ আহিছে। এই কাণ্ডৰ দুই অভিযুক্ত ৰাজু দাস আৰু আমিৰ দাসক পলায়নত এগৰাকী মহিলাই সহায় কৰাৰ সন্দেহ কৰিছে আৰক্ষীয়ে। সম্প্ৰতি আৰক্ষীয়ে মহিলাগৰাকীৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে।
ঘটনাৰ তদন্তৰ অংশ হিচাপে সোমবাৰে নিশা তিনিচুকীয়াৰ তিনিকোণীয়া অঞ্চলত থকা এখন হোটেলত অভিযান চলায় ডিব্ৰুগড় আৰক্ষীৰ এটা দলে। আৰক্ষীয়ে হোটেলখনৰ যাৱতীয় নথি-পত্ৰ জব্দ কৰাৰ লগতে হত্যাকাণ্ড সংঘটিত হোৱাৰ পিছত দুই অভিযুক্তৰ গতিবিধি সম্পৰ্কীয় তথ্য সংগ্ৰহ কৰে।
আৰক্ষীৰ সন্দেহ অনুসৰি, ১৬ নৱেম্বৰত দুলীয়াজানৰ কামলাবাৰীত এই হত্যাকাণ্ড সংঘটিত কৰাৰ পিছত ৰাজু দাস আৰু আমিৰ দাসক পলায়নত মহিলাগৰাকীয়ে সহায় কৰিছিল। তেওঁলোকক বিয়েৰ যোগান ধৰাৰো সন্দেহ কৰা হৈছে। অৱশ্যে মহিলাগৰাকীৰ প্ৰকৃত পৰিচয় আৰু ভূমিকা এতিয়ালৈকে নিশ্চিত হোৱা নাই।
উল্লেখ্য যে, কামলাবাৰীৰ নিজ বাসগৃহতে অইল ইণ্ডিয়া লিমিটেডৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী চন্দ্ৰকান্ত ভূঞা, তেওঁৰ পত্নী এলিজা ভূঞা আৰু কন্যা নিহাৰিকা ভূঞাক হাতুৰীৰে আক্ৰমণ কৰি হত্যা কৰা হৈছিল। মূল অভিযুক্ত ৰাজু দাস পৰিয়ালটোৰ ভাড়াতীয়া আছিল আৰু তেওঁৰ সম্পৰ্কীয় ভাতৃ আমিৰ দাসো এই ঘটনাৰ অন্যতম অভিযুক্ত।
১৬ নৱেম্বৰত হত্যাকাণ্ড সংঘটিত কৰি দুই অভিযুক্তই তিনিচুকীয়া অভিমুখে পলায়ন কৰিছিল। তাৰ পিছত অৱধ অসম এক্সপ্ৰেছ ৰে'লেৰে পলায়নৰ চেষ্টা চলোৱাৰ সময়তে ১৭ নৱেম্বৰত শিমলুগুৰি ৰে'ল ষ্টেচনৰ সমীপৰ পৰা দুয়োকে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। বৰ্তমান দুয়ো সাত দিনৰ বাবে আৰক্ষীৰ জিম্মাত আছে। প্ৰায় ৪ লাখ টকাৰ অনলাইন গেমিং আৰু বেটিংজনিত ঋণৰ বাবেই এই অপৰাধ সংঘটিত হোৱাৰ কথা প্ৰাথমিক তদন্তত পোহৰলৈ আহিছে।
ইতিমধ্যে আৰক্ষীয়ে নগদ ১৩,৫১০ টকা, প্ৰায় ২.৫ লাখ টকাৰ সোণ-ৰূপৰ অলংকাৰ, তিনিটা ম'বাইল ফোন, দুখন ছাতি, কাপোৰ, কাটাৰ আৰু স্ক্ৰু-ড্ৰাইভাৰ জব্দ কৰিছে। হত্যাকাণ্ডৰ পিছত অভিযুক্ত দুজনক কোনো তৃতীয় ব্যক্তিয়ে আশ্ৰয় বা অন্যান্য সহায় আগবঢ়াইছিল নেকি, সেই দিশটো ডিব্ৰুগড় আৰক্ষীয়ে খৰচি মাৰি তদন্ত কৰি আছে।