চীনৰ শাসকীয় কমিউনিষ্ট পাৰ্টীৰ পলিটব্যুৰ’ সদস্য তথা ছাংহাইৰ দলীয় মুৰব্বী চেন জিনিঙৰ বিৰুদ্ধে দুৰ্নীতিৰ তদন্ত ঘোষণা কৰা হৈছে।
চীনৰ ৰাজনীতিত পুনৰ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।
চীনৰ চেণ্ট্ৰেল কমিছন ফৰ ডিচিপ্লিন ইনস্পেকশ্বন (চিচিডিআই) আৰু নেচনেল কমিছন অৱ ছুপাৰভিছনে চেন জিনিঙৰ বিৰুদ্ধে এই তদন্ত চলাইছে।
৬২ বছৰীয়া চেন জিনিং চীনৰ ২৪জনীয়া শক্তিশালী পলিটব্যুৰ’ৰ এগৰাকী অন্যতম সদস্য।
২০২২ চনত গঠন হোৱা বৰ্তমানৰ পলিটব্যুৰ’ৰ চতুৰ্থগৰাকী সদস্য হিচাপে চেন জিনিঙৰ বিৰুদ্ধে এই তদন্ত আৰম্ভ হৈছে।
newznow.in