চীনৰ ৰাজনীতিত পুনৰ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। দেশখনৰ শাসকীয় কমিউনিষ্ট পাৰ্টীৰ শক্তিশালী নেতা তথা ছাংহাইৰ দলীয় সচিব চেন জিনিঙৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগত তদন্ত আৰম্ভ কৰিছে চীনৰ কৰ্তৃপক্ষই। ২৪ নৱেম্বৰ, মঙলবাৰে এই কথা পোহৰলৈ আহে।

চীনৰ চেণ্ট্ৰেল কমিছন ফৰ ডিচিপ্লিন ইনস্পেকশ্বন (চিচিডিআই) আৰু নেচনেল কমিছন অৱ ছুপাৰভিছনে চেন জিনিঙৰ বিৰুদ্ধে এই তদন্ত চলাইছে। দলীয় অনুশাসন আৰু আইন উলংঘাৰ গুৰুতৰ সন্দেহত তেওঁৰ বিৰুদ্ধে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। অৱশ্যে তদন্তৰ সন্দৰ্ভত এতিয়ালৈকে কোনো বিস্তৃত তথ্য প্ৰকাশ কৰা হোৱা নাই।

৬২ বছৰীয়া চেন জিনিং চীনৰ ২৪জনীয়া শক্তিশালী পলিটব্যুৰ’ৰ এগৰাকী অন্যতম সদস্য। দেশখনৰ অন্যতম গুৰুত্বপূৰ্ণ বিত্তীয় আৰু বাণিজ্যিক কেন্দ্ৰ ছাংহাইত ২০২২ চনৰ পৰা তেওঁ কমিউনিষ্ট পাৰ্টীৰ মুৰব্বী হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। ছাংহাইৰ দলীয় সচিবৰ পদটো চীনৰ ৰাজনীতিত অত্যন্ত প্ৰভাৱশালী বুলি গণ্য কৰা হয় আৰু দেশখনৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী লি চিয়াঙেও পূৰ্বে এই পদত কাৰ্যনিৰ্বাহ কৰিছিল।

২০২২ চনত গঠন হোৱা বৰ্তমানৰ পলিটব্যুৰ’ৰ চতুৰ্থগৰাকী সদস্য হিচাপে চেন জিনিঙৰ বিৰুদ্ধে এই তদন্ত আৰম্ভ হৈছে। ইয়াৰ পূৰ্বে হে ৱেইডং, ঝাং ইউচিয়া আৰু মা চিয়াংৰুইৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰা হৈছিল। শীৰ্ষ নেতৃত্বৰ ইমানসংখ্যক সদস্যৰ বিৰুদ্ধে একেটা কাৰ্যকালতে এনে তদন্ত আৰম্ভ হোৱাটো বিগত কেইবাদশকৰ ভিতৰত এক বিৰল ঘটনা হিচাপে বিবেচিত হৈছে।

ৰাষ্ট্ৰপতি ছি জিনপিঙে ২০১২ চনত ক্ষমতালৈ অহাৰ পিছৰে পৰা দুৰ্নীতিৰ বিৰুদ্ধে ব্যাপক অভিযান চলাই আহিছে। এই অভিযানৰ আওতাত দলীয় নেতা, চৰকাৰী বিষয়া আৰু সামৰিক বাহিনীৰ শীৰ্ষ বিষয়াসকলৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

চেন জিনিং এগৰাকী প্ৰাক্তন পৰিৱেশ বিজ্ঞানী। তেওঁ লণ্ডনৰ ইম্পেৰিয়েল কলেজৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰাৰ পিছত চীনৰ প্ৰতিষ্ঠিত ছিংহুৱা বিশ্ববিদ্যালয়ৰ সভাপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ দেশখনৰ পৰিৱেশ সুৰক্ষা মন্ত্ৰী আৰু বেইজিঙৰ মেয়ৰ হিচাপেও গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰিছিল।