লক্ষ্মী পূজাৰ নামত কিশোৰী-যুৱতীক যৌন নিৰ্যাতন আৰু আপত্তিজনক ভিডিঅ’ৰে ব্লেকমেইল কৰাৰ অভিযোগত অন্ধ্ৰপ্ৰদেশত গ্ৰেপ্তাৰ এজন ৪৭ বছৰীয়া পুৰোহিত।
ধন-সম্পত্তি লাভৰ প্ৰলোভন দেখুৱাই লক্ষ্মী পূজাৰ নামত যুৱতী আৰু কিশোৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত অন্ধ্ৰপ্ৰদেশৰ এজন পুৰোহিতক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।
মঙলবাৰে অন্ধ্ৰপ্ৰদেশৰ শ্ৰীশৈলমৰ পৰা ৪৭ বছৰীয়া কাম্মাৰা কৃষ্ণমাচাৰী নামৰ এই পুৰোহিতজনক গ্ৰেপ্তাৰ কৰা হয়।
আৰক্ষীৰ প্ৰাথমিক তদন্তৰ তথ্য অনুসৰি, অভিযুক্ত কৃষ্ণমাচাৰীয়ে এটা আন্তঃৰাজ্যিক চক্ৰ চলাই আছিল।
তদন্তত পোহৰলৈ অহা মতে, চক্ৰটোৰ সদস্যসকলে যুৱতীসকলৰ উচ্চতা, শৰীৰত থকা বিভিন্ন দাগ আৰু শাৰীৰিক বৈশিষ্ট্যৰ সবিশেষ তথ্য সংগ্ৰহ কৰিছিল।
newznow.in