ধন-সম্পত্তি লাভৰ প্ৰলোভন দেখুৱাই লক্ষ্মী পূজাৰ নামত যুৱতী আৰু কিশোৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত অন্ধ্ৰপ্ৰদেশৰ এজন পুৰোহিতক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। ভুক্তভোগীসকলৰ আপত্তিজনক ভিডিঅ’ আৰু ফটো সংগ্ৰহ কৰি ব্লেকমেইল কৰাৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছে অভিযুক্তৰ বিৰুদ্ধে।
মঙলবাৰে অন্ধ্ৰপ্ৰদেশৰ শ্ৰীশৈলমৰ পৰা ৪৭ বছৰীয়া কাম্মাৰা কৃষ্ণমাচাৰী নামৰ এই পুৰোহিতজনক গ্ৰেপ্তাৰ কৰা হয়। তেওঁ অন্ধ্ৰপ্ৰদেশৰ অনন্তপুৰ জিলাৰ আকাটোটাপল্লীস্থিত মহাকালী মন্দিৰৰ পুৰোহিত আছিল। কৰ্ণাটকৰ বল্লাৰীৰ এপিএমচি আৰক্ষী থানাৰ অন্তৰ্গত অঞ্চলত পোহৰলৈ আহে এই সমগ্ৰ ঘটনা।
আৰক্ষীৰ প্ৰাথমিক তদন্তৰ তথ্য অনুসৰি, অভিযুক্ত কৃষ্ণমাচাৰীয়ে এটা আন্তঃৰাজ্যিক চক্ৰ চলাই আছিল। এই চক্ৰটোৱে আৰ্থিকভাৱে দুৰ্বল আৰু সামাজিকভাৱে অসুৰক্ষিত পৰিয়ালসমূহক লক্ষ্য কৰি লৈছিল। বিশেষ লক্ষ্মী পূজা অনুষ্ঠিত কৰিলে পৰিয়াললৈ বিপুল ধন-সম্পত্তি আহিব বুলি প্ৰলোভন দিয়াৰ লগতে শৰীৰত তিল নথকা অবিবাহিত যুৱতীয়েহে এই পূজাত অংশ ল'ব লাগিব বুলি চৰ্ত বান্ধি দিছিল।
তদন্তত পোহৰলৈ অহা মতে, চক্ৰটোৰ সদস্যসকলে যুৱতীসকলৰ উচ্চতা, শৰীৰত থকা বিভিন্ন দাগ আৰু শাৰীৰিক বৈশিষ্ট্যৰ সবিশেষ তথ্য সংগ্ৰহ কৰিছিল। আনকি যুৱতীসকলৰ সোঁহাত আৰু সোঁভৰিৰ পৃথক ফটোও সংগ্ৰহ কৰা হৈছিল।
পূজাৰ অজুহাতত যুৱতী আৰু কিশোৰীসকলক যৌন নিৰ্যাতন চলোৱাৰ লগতে তেওঁলোকৰ আপত্তিজনক ভিডিঅ’ ৰেকৰ্ড কৰি ৰখা হৈছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। পৰৱৰ্তী সময়ত সেই ভিডিঅ’ ইণ্টাৰনেটত প্ৰচাৰ কৰাৰ ভাবুকি দি ভুক্তভোগীসকলক ব্লেকমেইল কৰা হৈছিল। এই চক্ৰটোৱে ১৫গৰাকীতকৈ অধিক যুৱতী আৰু কিশোৰীক নিৰ্যাতন চলোৱাৰ অভিযোগ উঠিছে। ইয়াৰে একাংশক বেংগালুৰু, অনন্তপুৰ আৰু বিজয়পুৰৰ বিভিন্ন স্থানত দেহ ব্যৱসায়ত লিপ্ত কৰোৱাৰো তথ্য পোৱা গৈছে।
এই চক্ৰটোক উৎখাত কৰিবলৈ 'আক্কা ফ'ৰ্চ'ৰ মহিলা আৰক্ষীসকলে প্ৰায় দুমাহ ধৰি এক গোপন অভিযান চলাইছিল। সাধাৰণ লোকৰ বেশত চক্ৰটোৰ সদস্যসকলৰ সৈতে যোগাযোগ কৰি তেওঁলোকৰ গতিবিধি নিৰীক্ষণ কৰাৰ পাছতে এই পুৰোহিতজনক গ্ৰেপ্তাৰ কৰা হয়।
এই গোচৰত আৰক্ষীয়ে পূৰ্বেই ১৫জন লোকক গ্ৰেপ্তাৰ কৰিছিল। চক্ৰটোৰ লগত জড়িত আন লোকসকলৰ ভূমিকা, ভুক্তভোগীৰ সঠিক সংখ্যা আৰু ব্লেকমেইলিঙৰ বিষয়ে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।