দুলীয়াজানৰ চাঞ্চল্যকৰ ভূঞা পৰিয়ালৰ ট্ৰিপল মাৰ্ডাৰ কাণ্ডৰ দুই অভিযুক্ত ৰাজু আৰু অমিৰ আৰক্ষীৰ গুলীত আহত হৈছে।
আৰক্ষীৰ ভাষ্য অনুসৰি, নিশা প্ৰায় ১১ বজাত অভিযান চলি থকাৰ সময়তে দুই অভিযুক্তই আৰক্ষীৰ লোকক আক্ৰমণ কৰি আন্ধাৰৰ সুযোগ লৈ পলায়নৰ চেষ্টা কৰে।
উল্লেখ্য যে, ভূঞা পৰিয়ালৰ তিনিগৰাকী সদস্যক হত্যা কৰা ঘটনাৰ তদন্ত অব্যাহত আছে।
হত্যাকাণ্ডত ব্যৱহৃত মুখ্য অস্ত্ৰ উদ্ধাৰৰ অভিযান চলাবলৈ নিয়াৰ সময়তে এই ঘটনা সংঘটিত হয়।
ডিব্ৰুগড় আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক নিৰ্মল ঘোষে জানিবলৈ দিয়া অনুসৰি, হত্যাকাণ্ডত ব্যৱহৃত মুখ্য অস্ত্ৰৰ সন্ধানত ডিব্ৰুগড় আৰক্ষীৰ এটা দলে দুই অভিযুক্তক লৈ দুলীয়াজানৰ বালিজান চাহ…
newznow.in