দুলীয়াজানৰ চাঞ্চল্যকৰ ভূঞা পৰিয়ালৰ ট্ৰিপল মাৰ্ডাৰ কাণ্ডৰ দুই অভিযুক্ত ৰাজু আৰু অমিৰ আৰক্ষীৰ গুলীত আহত হৈছে। হত্যাকাণ্ডত ব্যৱহৃত মুখ্য অস্ত্ৰ উদ্ধাৰৰ অভিযান চলাবলৈ নিয়াৰ সময়তে এই ঘটনা সংঘটিত হয়। ডিব্ৰুগড় আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক নিৰ্মল ঘোষে জানিবলৈ দিয়া অনুসৰি, হত্যাকাণ্ডত ব্যৱহৃত মুখ্য অস্ত্ৰৰ সন্ধানত ডিব্ৰুগড় আৰক্ষীৰ এটা দলে দুই অভিযুক্তক লৈ দুলীয়াজানৰ বালিজান চাহ বাগিচালৈ গৈছিল।

আৰক্ষীৰ ভাষ্য অনুসৰি, নিশা প্ৰায় ১১ বজাত অভিযান চলি থকাৰ সময়তে দুই অভিযুক্তই আৰক্ষীৰ লোকক আক্ৰমণ কৰি আন্ধাৰৰ সুযোগ লৈ পলায়নৰ চেষ্টা কৰে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে মুঠ পাঁচ জাঁই গুলীচালনা কৰে। ইয়াৰে চাৰিজাঁই গুলী দুই অভিযুক্তৰ ভৰিত লাগে। গুলীচালনাত ৰাজুৰ সোঁ ভৰি আৰু অমিৰৰ বাওঁ ভৰিত আঘাত লাগে। আনহাতে, অভিযুক্ত দুজনৰ আক্ৰমণত দুজন আৰক্ষীৰ লোকো আহত হয়। আহত আৰক্ষীৰ লোক দুজনক দুলীয়াজানৰ চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰা হয়। ইফালে, আহত দুই অভিযুক্তক নিশা প্ৰায় ২ বজাত ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ জৰুৰীকালীন বিভাগত ভৰ্তি কৰোৱা হয়। বৰ্তমান দুয়ো চিকিৎসাধীন হৈ আছে।

উল্লেখ্য যে, ভূঞা পৰিয়ালৰ তিনিগৰাকী সদস্যক হত্যা কৰা ঘটনাৰ তদন্ত অব্যাহত আছে। হত্যাকাণ্ডত ব্যৱহৃত মুখ্য অস্ত্ৰ উদ্ধাৰৰ অভিযানৰ সময়তে এই আৰক্ষীৰ গুলীচালনাৰ ঘটনা সংঘটিত হয়।