অসম বিধানসভাৰ উপাধ্যক্ষ ড০ হাবে টেৰণৰ বিৰুদ্ধে পিতৃত্ব অস্বীকাৰ আৰু প্ৰতাৰণাৰ গুৰুতৰ অভিযোগ তুলি ডিএনএ পৰীক্ষাৰ প্ৰত্যাহ্বান জনালে এগৰাকী মহিলাই।
অসম বিধানসভাৰ উপাধ্যক্ষ তথা বিজেপি বিধায়ক ড০ হাবে টেৰণৰ বিৰুদ্ধে উত্থাপিত হৈছে এক গুৰুতৰ অভিযোগ।
২৪ নৱেম্বৰত ডিফুৰ কাৰ্বি আংলং জিলা প্ৰেছ ক্লাবত আয়োজিত এক সংবাদমেলত মহিলাগৰাকীয়ে এই অভিযোগ উত্থাপন কৰে।
মহিলাগৰাকীয়ে জনায় যে ২০১৯ চনত ড০ টেৰণে পুনৰ তেওঁৰ সৈতে যোগাযোগ কৰে।
সংবাদমেলত মহিলাগৰাকীয়ে অভিযোগ কৰে যে ড০ টেৰণে বিভিন্ন সময়ত তেওঁৰ পৰা নগদ ধন আৰু অনলাইন লেনদেনৰ জৰিয়তে ধন লৈছিল।
newznow.in