অসম বিধানসভাৰ উপাধ্যক্ষ তথা বিজেপি বিধায়ক ড০ হাবে টেৰণৰ বিৰুদ্ধে উত্থাপিত হৈছে এক গুৰুতৰ অভিযোগ। ড০ টেৰণৰ সৈতে সম্পৰ্কৰ ফলত এটি সন্তান জন্ম পোৱা বুলি দাবী কৰি সন্তানটিৰ পিতৃত্ব প্ৰমাণৰ বাবে ডিএনএ পৰীক্ষা কৰিবলৈ সাজু বুলি প্ৰকাশ কৰিছে এগৰাকী মহিলাই।
২৪ নৱেম্বৰত ডিফুৰ কাৰ্বি আংলং জিলা প্ৰেছ ক্লাবত আয়োজিত এক সংবাদমেলত মহিলাগৰাকীয়ে এই অভিযোগ উত্থাপন কৰে। তেওঁ দাবী কৰা মতে, কলেজীয়া দিনৰে পৰা ড০ টেৰণৰ সৈতে তেওঁৰ চিনাকি আৰু প্ৰেমৰ সম্পৰ্ক আছিল, যদিও সেই সময়ত তেওঁলোকৰ বিবাহ হোৱা নাছিল।
মহিলাগৰাকীয়ে জনায় যে ২০১৯ চনত ড০ টেৰণে পুনৰ তেওঁৰ সৈতে যোগাযোগ কৰে। ২০২০ চনত ক’ভিড মহামাৰীৰ সময়ত তেওঁ অসুস্থ হৈ চিকিৎসাৰ সহায় বিচৰাৰ পাছত দুয়োৰে মাজত শাৰীৰিক সম্পৰ্ক গঢ়ি উঠে। এই সম্পৰ্কৰ ফলতে তেওঁ গৰ্ভৱতী হয় আৰু গৰ্ভপাত নকৰিবলৈ সন্তানটিৰ দায়িত্ব লোৱাৰ আশ্বাস বিধায়কগৰাকীয়ে দিছিল। সেই আশ্বাস মতেই ২০২১ চনৰ ৪ মাৰ্চত সন্তানটিৰ জন্ম হয় বুলি তেওঁ দাবী কৰে।
সংবাদমেলত মহিলাগৰাকীয়ে অভিযোগ কৰে যে ড০ টেৰণে বিভিন্ন সময়ত তেওঁৰ পৰা নগদ ধন আৰু অনলাইন লেনদেনৰ জৰিয়তে ধন লৈছিল। কিন্তু ২০২২ চনৰ পৰা বিধায়কগৰাকীৰ আচৰণ সলনি হ'বলৈ ধৰে আৰু ধন ঘূৰাই বিচৰাৰ লগতে সন্তানৰ ভৱিষ্যতৰ কথা পাতিবলৈ চেষ্টা কৰোঁতে তেওঁক ব্লক কৰি দিয়া হয়। নিৰ্বাচনত জয়ী হোৱাৰ পাছত হামৰেণৰ এটা অতিথিশালাত সাক্ষাৎ কৰিবলৈ যাওঁতে নিৰাপত্তাৰক্ষী আৰু ব্যক্তিগত সহায়কৰ জৰিয়তে তেওঁক বাহিৰ কৰি দিয়া হৈছিল বুলিও মহিলাগৰাকীয়ে অভিযোগ তোলে।
এই ঘটনাৰ পিছত পূৰ্বৰ স্বামীৰ সৈতে বিবাহ বিচ্ছেদৰ গোচৰ আৰম্ভ হোৱা বুলি উল্লেখ কৰি মহিলাগৰাকীয়ে কয় যে অসম ৰাজ্যিক মহিলা আয়োগ, কাৰ্বি আংলং জিলা আৰক্ষী, বিজেপিৰ জিলা নেতৃত্ব আৰু বিভিন্ন স্থানীয় সংগঠনৰ কাষ চাপিও তেওঁ কোনো ন্যায় পোৱা নাই। নিজৰ আৰু দুটা সন্তানৰ সুৰক্ষাক লৈ শংকিত হৈ তেওঁ বিধানসভাৰ অধ্যক্ষ ৰণজিৎ কুমাৰ দাস, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু আৰক্ষীৰ হস্তক্ষেপ দাবী কৰিছে।
সন্তানটিৰ পিতৃত্ব প্ৰমাণৰ বাবে ডিএনএ পৰীক্ষা কৰিবলৈ সম্পূৰ্ণ সাজু বুলি স্পষ্ট কৰি মহিলাগৰাকীয়ে ড০ হাবে টেৰণকো এই পৰীক্ষাত সন্মতি দিবলৈ প্ৰত্যাহ্বান জনায়। এই সন্দৰ্ভত উপাধ্যক্ষ ড০ টেৰণৰ কোনো প্ৰতিক্ৰিয়া এতিয়ালৈকে লাভ কৰা হোৱা নাই।