অসম

নাৰী কেলেংকাৰীত নাম সাঙোৰ খোৱা বিধানসভাৰ উপাধ্যক্ষৰ বিৰুদ্ধে এজাহাৰ দিয়াৰ পাছতো গোচৰ ৰুজু নকৰাৰ অভিযোগত সৰৱ বিধায়ক অখিল গগৈ

NewzNow · ২৫ নৱেম্বৰ ২০২৬

🎧 শুনি শুনি চাওক
১ / ৫

বিধানসভাৰ উপাধ্যক্ষৰ বিৰুদ্ধে মহিলাই এজাহাৰ দিয়াৰ পাছতো আৰক্ষীয়ে গোচৰ ৰুজু নকৰা ঘটনাক লৈ সৰৱ বিধায়ক অখিল গগৈ।

২ / ৫

এগৰাকী মহিলাই ইমান স্পষ্টকৈ গোচৰ দিয়াৰ পিছতো কোনো এক্সন নোলোৱাটো দূৰ্ভাগ্যজনক!

৩ / ৫

অসম বিধানসভাৰ উপাধ্যক্ষৰ বিৰুদ্ধে এগৰাকী মহিলাই উত্থাপন কৰা অভিযোগৰ ভিত্তিত আৰক্ষীয়ে গোচৰ ৰুজু নকৰা ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে।

৪ / ৫

বিধায়ক অখিল গগৈয়ে কয় যে এগৰাকী মহিলাই ৰাজহুৱাভাৱে অভিযোগ উত্থাপন কৰাৰ উপৰি আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰাৰ পাছতো এতিয়ালৈকে কোনো গোচৰ ৰুজু নকৰাটো অত্যন্ত দুৰ্ভাগ্যজনক বিষয়।

৫ / ৫

অসমত আৰক্ষী প্ৰশাসন মুখ্যমন্ত্ৰীৰ নিৰ্দেশতহে পৰিচালিত হয় বুলি দাবী কৰি বিধায়কগৰাকীয়ে কয় যে মুখ্যমন্ত্ৰীৰ অনুমতি নথকা বাবেই আৰক্ষীয়ে এই গোচৰ ৰুজু কৰা নাই।

নাৰী কেলেংকাৰীত নাম সাঙোৰ খোৱা বিধানসভাৰ উপাধ্যক্ষৰ বিৰুদ্ধে এজাহাৰ দিয়াৰ পাছতো গোচৰ ৰুজু নকৰাৰ অভিযোগত সৰৱ বিধায়ক অখি...

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক