২৫ নৱেম্বৰ, ২০২৬

এগৰাকী মহিলাই ইমান স্পষ্টকৈ গোচৰ দিয়াৰ পিছতো কোনো এক্সন নোলোৱাটো দূৰ্ভাগ্যজনক! 'এই ঘটনাত আৰঁত সম্পূণৰূপে জড়িত আছে মুখ্যমন্ত্ৰী ' । প্ৰথমে পৰকীয়া প্ৰেম, তাৰ পাছত সন্তান জন্ম! বিধানসভাৰ উপাধ্যক্ষ ড০ হাবে টেৰণৰ -প্ৰসংগত সংবাদমেল সম্বোধন কৰি এই মন্তব্য বিধায়ক অখিল গগৈৰ ।

অসম বিধানসভাৰ উপাধ্যক্ষৰ বিৰুদ্ধে এগৰাকী মহিলাই উত্থাপন কৰা অভিযোগৰ ভিত্তিত আৰক্ষীয়ে গোচৰ ৰুজু নকৰা ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে। এই সমগ্ৰ ঘটনাৰ আঁৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ভূমিকা থকা বুলি বিধায়কগৰাকীয়ে গুৰুতৰ অভিযোগ তুলিছে।

বিধায়ক অখিল গগৈয়ে কয় যে এগৰাকী মহিলাই ৰাজহুৱাভাৱে অভিযোগ উত্থাপন কৰাৰ উপৰি আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰাৰ পাছতো এতিয়ালৈকে কোনো গোচৰ ৰুজু নকৰাটো অত্যন্ত দুৰ্ভাগ্যজনক বিষয়। তেওঁ দাবী কৰা মতে, মহিলাগৰাকীয়ে দুগৰাকী আৰক্ষী অধীক্ষকৰ ওচৰত এজাহাৰ দাখিল কৰিছিল যদিও আৰক্ষীয়ে সেই সন্দৰ্ভত কোনো গোচৰ পঞ্জীয়ন কৰা নাই।

অসমত আৰক্ষী প্ৰশাসন মুখ্যমন্ত্ৰীৰ নিৰ্দেশতহে পৰিচালিত হয় বুলি দাবী কৰি বিধায়কগৰাকীয়ে কয় যে মুখ্যমন্ত্ৰীৰ অনুমতি নথকা বাবেই আৰক্ষীয়ে এই গোচৰ ৰুজু কৰা নাই।

ৰাজ্যিক মহিলা আয়োগৰ ভূমিকাক লৈ প্ৰশ্ন

এই ঘটনাত ৰাজ্যিক মহিলা আয়োগৰ ভূমিকাক লৈও তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে বিধায়ক অখিল গগৈয়ে। মহিলাগৰাকীয়ে মহিলা আয়োগৰ ওচৰতো অভিযোগ দাখিল কৰাৰ পাছতো আয়োগে কোনো তাৎক্ষণিক ব্যৱস্থা নোলোৱাত তেওঁ ক্ষোভ প্ৰকাশ কৰে। ঘটনাৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি মহিলা আয়োগৰ অধ্যক্ষ আঙুৰলতা ডেকাই তৎকালীনভাৱে পদত্যাগ কৰা উচিত বুলিও তেওঁ দাবী জনায়।

ৰাজনৈতিক হস্তক্ষেপৰ অভিযোগ আৰু তদন্তৰ দাবী

গোচৰ ৰুজু নকৰাৰ আঁৰত গভীৰ ৰাজনৈতিক হস্তক্ষেপ থকাৰ অভিযোগ তুলিছে বিধায়কগৰাকীয়ে। এই প্ৰসংগত তেওঁ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ নাম উল্লেখ কৰি দুয়োগৰাকীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে।

মহিলাগৰাকীৰ অভিযোগ পোৱাৰ পাছতো পদক্ষেপ গ্ৰহণ নকৰা সংশ্লিষ্ট আৰক্ষী অধীক্ষকসকলৰ বিৰুদ্ধে তৎকালীনভাৱে ব্যৱস্থা ল'বলৈ বিধায়কগৰাকীয়ে দাবী জনায়। লগতে সমগ্ৰ ঘটনাটোৰ এক নিৰপেক্ষ তদন্ত নিশ্চিত কৰি আৰক্ষী আৰু প্ৰশাসনক উচিত পদক্ষেপ গ্ৰহণ কৰিবলৈ তেওঁ আহ্বান জনায়।