শ্ৰীভূমিৰ ভাৰত-বাংলাদেশ সীমান্তৰ কুশিয়াৰা নদীৰ পৰা উদ্ধাৰ হ'ল দুদিন ধৰি সন্ধানহীন হৈ থকা বিএছএফ জোৱান কে ভেনুৰ মৃতদেহ।
বিগত দেওবাৰে নিশা সীমান্তত সন্দেহযুক্ত গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে চলোৱা এক অভিযানত অংশ লৈছিল জোৱান কে ভেনুৱে।
সেই সময়ত জোৱানজনৰ লগত থকা হেড কনিষ্টবল জিতেন্দ্ৰ যাদৱে সাঁতুৰি নিৰাপদে নদীৰ পাৰলৈ উঠি আহিবলৈ সক্ষম হয়।
অৱশ্যে মঙলবাৰে বাংলাদেশৰ সীমান্তৰক্ষী বাহিনীয়ে সন্ধানহীন বিএছএফ জোৱানজন তেওঁলোকৰ ভূখণ্ডত থকা সন্দৰ্ভত কোনো তথ্য নাই বুলি স্পষ্ট কৰে।
বুধবাৰে পুৱা মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত সমগ্ৰ ঘটনাটোক লৈ ৰহস্যৰ সৃষ্টি হৈছে।
newznow.in