শ্ৰীভূমিৰ ভাৰত-বাংলাদেশ সীমান্তত দুদিন ধৰি সন্ধানহীন হৈ থকা বিএছএফ জোৱান কে ভেনুৰ মৃতদেহ অৱশেষত উদ্ধাৰ হৈছে। বুধবাৰে পুৱা ষ্টীমাৰঘাটৰ সমীপত কুশিয়াৰা নদীৰ পৰা জোৱানজনৰ মৃতদেহ উদ্ধাৰ কৰা হয়। এই ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
বিগত দেওবাৰে নিশা সীমান্তত সন্দেহযুক্ত গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে চলোৱা এক অভিযানত অংশ লৈছিল জোৱান কে ভেনুৱে। সেই অভিযানৰ সময়তে তেওঁ কুশিয়াৰা নদীত নিৰুদ্দেশ হয়। অভিযানৰ সময়ত বিএছএফৰ দলটোক দেখি চাৰি-পাঁচজন সন্দেহযুক্ত লোকেও নদীত জঁপিয়াই পৰিছিল বুলি জানিব পৰা গৈছে।
সেই সময়ত জোৱানজনৰ লগত থকা হেড কনিষ্টবল জিতেন্দ্ৰ যাদৱে সাঁতুৰি নিৰাপদে নদীৰ পাৰলৈ উঠি আহিবলৈ সক্ষম হয়। প্ৰথম অৱস্থাত কে ভেনু নদীত ডুব যোৱা বুলি সন্দেহ কৰা হৈছিল যদিও বাংলাদেশী গৰু সৰবৰাহকাৰীয়ে তেওঁক অপহৰণ কৰি সীমান্তৰ সিপাৰলৈ লৈ যোৱাৰ আশংকাও ব্যক্ত কৰা হৈছিল।
অৱশ্যে মঙলবাৰে বাংলাদেশৰ সীমান্তৰক্ষী বাহিনীয়ে সন্ধানহীন বিএছএফ জোৱানজন তেওঁলোকৰ ভূখণ্ডত থকা সন্দৰ্ভত কোনো তথ্য নাই বুলি স্পষ্ট কৰে।
বুধবাৰে পুৱা মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত সমগ্ৰ ঘটনাটোক লৈ ৰহস্যৰ সৃষ্টি হৈছে। অভিযানৰ সময়ত জোৱানজন নদীত ডুবি মৃত্যুমুখত পৰিল নে অপহৰণ কৰি হত্যাৰ পিছত মৃতদেহ নদীত পেলাই দিয়া হ'ল, সেই বিষয়ে এতিয়াও নিশ্চিত তথ্য পোহৰলৈ অহা নাই। সম্পূৰ্ণ ঘটনা আৰু জোৱানজনৰ মৃত্যুৰ প্ৰকৃত কাৰণ এতিয়াও স্পষ্ট হোৱা নাই।