বিধানসভাৰ উপাধ্যক্ষ ড০ হাবে টেৰণৰ বিৰুদ্ধে এগৰাকী মহিলাই উত্থাপন কৰা গুৰুতৰ অভিযোগ সন্দৰ্ভত জবাবদিহি নিশ্চিত কৰাৰ দাবী জনালে কাৰ্বি আংলং জিলা কংগ্ৰেছে।
ডিফু: অসম বিধানসভাৰ উপাধ্যক্ষ তথা বিজেপি বিধায়ক ড০ হাবে টেৰণৰ বিৰুদ্ধে এগৰাকী মহিলাই উত্থাপন কৰা গুৰুতৰ অভিযোগক লৈ সৰৱ হৈ পৰিছে কাৰ্বি আংলং জিলা কংগ্ৰেছ।
কাৰ্বি আংলং জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী কৰিশ্মা ৰংপিপিয়ে উপাধ্যক্ষগৰাকীক তীব্ৰ সমালোচনা কৰি এগৰাকী নিৰ্বাচিত জনপ্ৰতিনিধিৰ দায়বদ্ধতা আৰু ৰাজ্যৰ নেতৃত্বৰ ভূমিকাক লৈ প্ৰশ্ন তোলে।
উল্লেখ্য যে, যোৱা ২৪ নৱেম্বৰত ডিফুস্থিত কাৰ্বি আংলং জিলা প্ৰেছ ক্লাবত এখন সংবাদমেল সম্বোধন কৰি এগৰাকী মহিলাই বিধায়ক ড০ হাবে টেৰণৰ বিৰুদ্ধে কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল।
মহিলাগৰাকীৰ দাবী অনুসৰি, এই সম্পৰ্কৰ ফলত তেওঁলোকৰ এটি পাঁচ বছৰীয়া পুত্ৰ সন্তান আছে।
newznow.in