ডিফু: অসম বিধানসভাৰ উপাধ্যক্ষ তথা বিজেপি বিধায়ক ড০ হাবে টেৰণৰ বিৰুদ্ধে এগৰাকী মহিলাই উত্থাপন কৰা গুৰুতৰ অভিযোগক লৈ সৰৱ হৈ পৰিছে কাৰ্বি আংলং জিলা কংগ্ৰেছ। দলটোৱে অভিযোগকাৰী মহিলাগৰাকীৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰি সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত উচিত ব্যৱস্থা গ্ৰহণ আৰু জবাবদিহি নিশ্চিত কৰাৰ দাবী জনায়।
কাৰ্বি আংলং জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী কৰিশ্মা ৰংপিপিয়ে উপাধ্যক্ষগৰাকীক তীব্ৰ সমালোচনা কৰি এগৰাকী নিৰ্বাচিত জনপ্ৰতিনিধিৰ দায়বদ্ধতা আৰু ৰাজ্যৰ নেতৃত্বৰ ভূমিকাক লৈ প্ৰশ্ন তোলে।
উল্লেখ্য যে, যোৱা ২৪ নৱেম্বৰত ডিফুস্থিত কাৰ্বি আংলং জিলা প্ৰেছ ক্লাবত এখন সংবাদমেল সম্বোধন কৰি এগৰাকী মহিলাই বিধায়ক ড০ হাবে টেৰণৰ বিৰুদ্ধে কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল। মহিলাগৰাকীয়ে জনোৱা মতে, ক'ভিড মহামাৰীৰ সময়ছোৱাত ড০ টেৰণৰ সৈতে তেওঁৰ সম্পৰ্ক গঢ় লৈ উঠিছিল। পৰৱৰ্তী সময়ত তেওঁক বিয়াৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে গুৱাহাটীত এটা ভাড়াঘৰৰ ব্যৱস্থাও কৰি দিয়া হৈছিল।
মহিলাগৰাকীৰ দাবী অনুসৰি, এই সম্পৰ্কৰ ফলত তেওঁলোকৰ এটি পাঁচ বছৰীয়া পুত্ৰ সন্তান আছে। কিন্তু ড০ টেৰণ বিধায়ক আৰু পৰৱৰ্তী সময়ত বিধানসভাৰ উপাধ্যক্ষ পদত অধিষ্ঠিত হোৱাৰ পিছৰে পৰা তেওঁৰ সৈতে সকলো ধৰণৰ যোগাযোগ বিচ্ছিন্ন কৰে। আনকি নিৰাপত্তাৰক্ষীৰ জৰিয়তে মহিলাগৰাকীক বিধায়কগৰাকীৰ সৈতে সাক্ষাৎ কৰাত বাধা দিয়া বুলিও অভিযোগ কৰা হয়।
ন্যায় বিচাৰি ইতিপূৰ্বে অসম ৰাজ্যিক মহিলা আয়োগ, কাৰ্বি আংলং জিলা আৰক্ষী, বিজেপিৰ জিলা নেতৃত্ব, কাৰ্বি ছাত্ৰ সন্থা, কাৰ্বি মহিলা ন্যায় মঞ্চ আৰু কাৰ্বি পৰম্পৰাগত আইন ব্যৱস্থাৰ সৈতে জড়িত সংস্থাসমূহৰ কাষ চপা বুলি মহিলাগৰাকীয়ে প্ৰকাশ কৰে।
বিষয়টো সন্দৰ্ভত মহিলাগৰাকীয়ে বিধানসভাৰ অধ্যক্ষ ৰণজিৎ কুমাৰ দাস, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু আৰক্ষীৰ হস্তক্ষেপ বিচাৰিছে। সন্তানটিৰ পিতৃত্ব প্ৰমাণ কৰিবলৈ ডিএনএ পৰীক্ষা কৰাৰ প্ৰত্যাহ্বান জনায় মহিলাগৰাকীয়ে আৰু ড০ টেৰণকো এই পৰীক্ষাত সন্মতি দিবলৈ আহ্বান জনায়।
এই সংবেদনশীল বিষয়ক লৈ কাৰ্বি আংলং জিলা কংগ্ৰেছে মহিলাগৰাকীৰ কাষত থকাৰ কথা ঘোষণা কৰে। আনহাতে উপাধ্যক্ষ ড০ হাবে টেৰণে এতিয়ালৈকে এই অভিযোগসমূহৰ সন্দৰ্ভত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। মহিলাগৰাকীয়ে উত্থাপন কৰা অভিযোগসমূহো কোনো নিৰপেক্ষ সূত্ৰৰ দ্বাৰা প্ৰমাণিত হোৱা নাই।