হাটশিঙিমাৰীৰ এখন গো-শালাত প্ৰায় ৫০০ গৰুৰ ভুৱা মৃত্যুৰ তথ্য নথিভুক্ত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত লাভ কৰা তথ্যত।
হাটশিঙিমাৰী: দক্ষিণ শালমাৰা-মাণকাচৰ জিলাৰ হাটশিঙিমাৰীৰ এখন গো-শালাত প্ৰায় ৫০০টা গৰুৰ মৃত্যুৰ তথ্যক লৈ গুৰুতৰ বিসংগতি পোহৰলৈ আহিছে।
বিজেপিৰ দক্ষিণ শালমাৰা-মাণকাচৰ জিলা সমিতিৰ প্ৰাক্তন উপ-সভাপতি মণিৰুজ্জামান মণিয়ে এই অভিযোগ উত্থাপন কৰিছে।
অৱশ্যে প্ৰকৃততে কিমানটা গৰুৰ মৃত্যু হৈছিল আৰু এই তথ্যৰ বিসংগতি কেনেকৈ হ'ল, সেয়া এতিয়াও স্পষ্ট হোৱা নাই।
তথ্য জনাৰ অধিকাৰ আইন চমুকৈ আৰটিআইৰ জৰিয়তে লাভ কৰা তথ্যৰ ভিত্তিত গো-শালাখনত জব্দকৃত গৰুৰ ৰক্ষণাবেক্ষণক লৈ প্ৰশ্ন উত্থাপন হৈছে।
newznow.in