হাটশিঙিমাৰী: দক্ষিণ শালমাৰা-মাণকাচৰ জিলাৰ হাটশিঙিমাৰীৰ এখন গো-শালাত প্ৰায় ৫০০টা গৰুৰ মৃত্যুৰ তথ্যক লৈ গুৰুতৰ বিসংগতি পোহৰলৈ আহিছে। তথ্য জনাৰ অধিকাৰ আইন চমুকৈ আৰটিআইৰ জৰিয়তে লাভ কৰা তথ্যৰ ভিত্তিত গো-শালাখনত জব্দকৃত গৰুৰ ৰক্ষণাবেক্ষণক লৈ প্ৰশ্ন উত্থাপন হৈছে। ভাৰত-বাংলাদেশ সীমান্তৰ মাণকাচৰ অঞ্চলত আৰক্ষী আৰু বিএছএফে জব্দ কৰা গৰুসমূহ আদালতৰ নিৰ্দেশ মৰ্মে হাটশিঙিমাৰীৰ জনকল্যাণ সমিতিৰ গো-শালাত ৰখাৰ ব্যৱস্থা কৰা হৈছিল। আৰটিআইৰ তথ্য অনুসৰি, ২০২৩ চনৰ ৮ ছেপ্টেম্বৰৰ পৰা ২০২৪ চনৰ ৮ ছেপ্টেম্বৰলৈ মুঠ ২,১৪২টা গৰু এই গো-শালাখনক গতাই দিয়া হৈছিল। উক্ত নথি অনুসৰি গো-শালা সমিতিয়ে ইয়াৰে ১,৭৭৫টা গৰুৰ মৃত্যু হোৱা বুলি আৰু ৩৬৭টা গৰু জীৱিত থকা বুলি উল্লেখ কৰে। কিন্তু মৃত্যু হোৱা গৰুৰ তালিকাত একেটা চিনাক্তকৰণ নম্বৰ বাৰে বাৰে ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। কোনো কোনো গৰুৰ একেটা নম্বৰ ব্যৱহাৰ কৰি চাৰিবাৰ পৰ্যন্ত মৃত্যু নথিভুক্ত কৰা বুলি অভিযোগকাৰীয়ে দাবী কৰিছে।
বিজেপিৰ দক্ষিণ শালমাৰা-মাণকাচৰ জিলা সমিতিৰ প্ৰাক্তন উপ-সভাপতি মণিৰুজ্জামান মণিয়ে এই অভিযোগ উত্থাপন কৰিছে। তেওঁ অভিযোগ কৰা মতে, প্ৰায় ৫০০টা গৰুৰ ভুৱা মৃত্যুৰ তথ্য দাখিল কৰা হৈছে। এই সন্দৰ্ভত তেওঁ ইতিমধ্যে জিলা প্ৰশাসন আৰু মুখ্যমন্ত্ৰীলৈ লিখিত অভিযোগ প্ৰেৰণ কৰিছে। বিষয়টোৰ উচিত তদন্তৰ বাবে মুখ্যমন্ত্ৰীৰ বিশেষ সতৰ্কতা কোষৰ কাষ চাপিব বুলিও তেওঁ জনায়।
অৱশ্যে প্ৰকৃততে কিমানটা গৰুৰ মৃত্যু হৈছিল আৰু এই তথ্যৰ বিসংগতি কেনেকৈ হ'ল, সেয়া এতিয়াও স্পষ্ট হোৱা নাই। জনকল্যাণ সমিতিৰ বিৰুদ্ধে অনা এই অভিযোগসমূহৰ সন্দৰ্ভত সংশ্লিষ্ট কৰ্তৃপক্ষৰ পৰা কোনো আনুষ্ঠানিক প্ৰতিক্ৰিয়া পোৱা হোৱা নাই।