২০০৭ চনৰ অভিযন্তা অজয় ডেকা হত্যাকাণ্ডৰ গোচৰত অগপ নেতা জিন্তু চৌধুৰীক দোষী সাব্যস্ত কৰিলে কামৰূপ জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে।
২০০৭ চনত গুৱাহাটীৰ নাৰেঙ্গীৰ সেনা ছাউনীত সংঘটিত লোকনিৰ্মাণ বিভাগৰ কনিষ্ঠ অভিযন্তা অজয় ডেকা হত্যাকাণ্ডৰ গোচৰত কামৰূপ জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে ১৯ বছৰৰ মূৰত এক গুৰুত্বপূৰ্ণ ৰায়…
গোচৰটোত অভিযুক্ত আন পাঁচজন লোকক আদালতে নিৰ্দোষী সাব্যস্ত কৰি দোষমুক্ত ঘোষণা কৰে।
উল্লেখ্য যে ২০০৭ চনত দিছপুৰ আৰক্ষী থানাত ৮৮৫/২০০৭ নম্বৰত অজয় ডেকা হত্যাকাণ্ডৰ এই গোচৰ ৰুজু কৰা হৈছিল।
আদালতৰ এই ৰায়দানৰ পাছত নিহত অজয় ডেকাৰ পত্নীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।
newznow.in