২০০৭ চনত গুৱাহাটীৰ নাৰেঙ্গীৰ সেনা ছাউনীত সংঘটিত লোকনিৰ্মাণ বিভাগৰ কনিষ্ঠ অভিযন্তা অজয় ডেকা হত্যাকাণ্ডৰ গোচৰত কামৰূপ জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে ১৯ বছৰৰ মূৰত এক গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰে। এই চাঞ্চল্যকৰ গোচৰটোত অসম গণ পৰিষদৰ (অগপ) নেতা জিন্তু চৌধুৰীক আদালতে দোষী সাব্যস্ত কৰিছে।

গোচৰটোত অভিযুক্ত আন পাঁচজন লোকক আদালতে নিৰ্দোষী সাব্যস্ত কৰি দোষমুক্ত ঘোষণা কৰে। ইফালে, বিচাৰ চলি থকা অৱস্থাতে অনিল শৰণীয়া নামৰ এজন অভিযুক্তৰ মৃত্যু হৈছিল।

উল্লেখ্য যে ২০০৭ চনত দিছপুৰ আৰক্ষী থানাত ৮৮৫/২০০৭ নম্বৰত অজয় ডেকা হত্যাকাণ্ডৰ এই গোচৰ ৰুজু কৰা হৈছিল। গোচৰটোত মুঠ ৬ জন লোকৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছিল। ইয়াৰে ৰিণ্টু চৌধুৰী, আকন কুমাৰ দাস, অমৰ থাপা, অনিল শৰণীয়া আৰু সুভাষ ৰয়ক আদালতে দোষমুক্ত কৰে। আনহাতে আদালতে জিন্তু চৌধুৰীক দোষী সাব্যস্ত কৰি আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে। বৃহস্পতিবাৰে তেওঁৰ শাস্তি ঘোষণা কৰা হ'ব বুলি বিশেষ চৰকাৰী অধিবক্তাগৰাকীয়ে জানিবলৈ দিয়ে।

আদালতৰ ৰায়ত অসন্তুষ্টি প্ৰকাশ পৰিয়ালৰ

আদালতৰ এই ৰায়দানৰ পাছত নিহত অজয় ডেকাৰ পত্নীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁ কয় যে ১৯ বছৰৰ পাছত ন্যায়ৰ এটা অংশ লাভ কৰি তেওঁৰ মন কিছু পৰিমাণে শান্ত হৈছে যদিও মূল অভিযুক্ত বুলি দাবী কৰা ৰিণ্টু চৌধুৰী দোষমুক্ত হোৱাত তেওঁ সন্তুষ্ট নহয়।

মহিলাগৰাকীয়ে অভিযোগ কৰা মতে, ৰিণ্টু চৌধুৰীয়েহে তেওঁৰ স্বামীক ধন ঘূৰাই দিয়াৰ কথা কৈ মাতি নিছিল। তাৰ পাছত আন কেইবাজনো লোকৰ সৈতে মিলি পৰিকল্পিতভাৱে স্বামীক হত্যা কৰা হৈছিল বুলি তেওঁ দাবী কৰে। অপৰাধত ব্যৱহৃত ৰছী ক্ৰয়ৰ সৈতে জড়িত তথ্য আৰু আন সাক্ষ্যৰ কথা উল্লেখ কৰি তেওঁ বাকী অভিযুক্তসকল কেনেকৈ দোষমুক্ত হ'ল বুলিও প্ৰশ্ন তোলে।

মূল অভিযুক্তক শাস্তি প্ৰদান কৰা হ'লেহে তেওঁ সম্পূৰ্ণ সন্তুষ্ট হ'লহেঁতেন বুলি মন্তব্য কৰি মহিলাগৰাকীয়ে কয় যে ন্যায়ৰ স্বাৰ্থত প্ৰয়োজন হ'লে তেওঁলোকে পৰৱৰ্তী সময়ত উচ্চ ন্যায়ালয়ৰ কাষ চাপিব।