দেশজুৰি ৩২৪টা ঔষধৰ নমুনা নিৰ্ধাৰিত মানদণ্ড পূৰণত ব্যৰ্থ হোৱাৰ লগতে অসমত এটা নকল ঔষধৰ নমুনা চিনাক্ত কৰিছে কেন্দ্ৰীয় ঔষধ নিয়ন্ত্ৰক সংস্থাই।
দেশজুৰি চলোৱা ঔষধৰ গুণগত মান পৰীক্ষাৰ শেহতীয়া নিৰীক্ষণত ৩২৪টা ঔষধৰ নমুনা নিৰ্ধাৰিত মানদণ্ড পূৰণ কৰাত ব্যৰ্থ হৈছে।
সংস্থাটোৰ শেহতীয়া মাহেকীয়া নিৰীক্ষণৰ তথ্য অনুসৰি, মানদণ্ড পূৰণ নকৰা এই ৩২৪টা নমুনাক নিৰ্ধাৰিত মানহীন অৰ্থাৎ ‘নট অৱ ষ্টেণ্ডাৰ্ড কোৱালিটি’ (এনএছকিউ) হিচাপে চিহ্নিত কৰা হৈছে।
অৱশ্যে চিডিএছচিঅ'ই স্পষ্ট কৰি দিছে যে নিৰ্ধাৰিত মানহীন হিচাপে চিহ্নিত হোৱাটো কেৱল পৰীক্ষা কৰা নিৰ্দিষ্ট বেটচটোৰ ক্ষেত্ৰতহে প্ৰযোজ্য।
আনহাতে, অসমত ৰাজ্যিক অনুজ্ঞাপত্ৰ প্ৰদান কৰ্তৃপক্ষৰ নিৰীক্ষণত এটা নকল ঔষধৰ নমুনা ধৰা পৰিছে।
newznow.in