দেশজুৰি চলোৱা ঔষধৰ গুণগত মান পৰীক্ষাৰ শেহতীয়া নিৰীক্ষণত ৩২৪টা ঔষধৰ নমুনা নিৰ্ধাৰিত মানদণ্ড পূৰণ কৰাত ব্যৰ্থ হৈছে। ইয়াৰ সমান্তৰালকৈ কেন্দ্ৰীয় ঔষধ নিয়ন্ত্ৰক সংস্থা চমুকৈ চিডিএছচিঅ'ই অসমতো এটা নকল ঔষধৰ নমুনা চিনাক্ত কৰিছে। এই ঘটনা সন্দৰ্ভত ইতিমধ্যে তদন্ত আৰম্ভ কৰা হৈছে।

সংস্থাটোৰ শেহতীয়া মাহেকীয়া নিৰীক্ষণৰ তথ্য অনুসৰি, মানদণ্ড পূৰণ নকৰা এই ৩২৪টা নমুনাক নিৰ্ধাৰিত মানহীন অৰ্থাৎ ‘নট অৱ ষ্টেণ্ডাৰ্ড কোৱালিটি’ (এনএছকিউ) হিচাপে চিহ্নিত কৰা হৈছে। এইসমূহৰ ভিতৰত ৩৭টা নমুনা কেন্দ্ৰীয় ঔষধ পৰীক্ষাগাৰে আৰু ২৮৭টা নমুনা ৰাজ্যিক ঔষধ পৰীক্ষাগাৰে চিনাক্ত কৰিছে। পৰীক্ষাগাৰৰ বিশ্লেষণত ঔষধৰ নমুনাসমূহে নিৰ্ধাৰিত গুণগত মানৰ এটা বা ততোধিক চৰ্ত পূৰণ কৰাত ব্যৰ্থ হোৱাটো ধৰা পৰে। ঔষধৰ গুণগত মানৰ ওপৰত নজৰ ৰখা আৰু সংশ্লিষ্ট পক্ষসমূহক সতৰ্ক কৰাৰ বাবেই সংস্থাই এনে তালিকা নিয়মীয়াকৈ প্ৰকাশ কৰি আহিছে।

অৱশ্যে চিডিএছচিঅ'ই স্পষ্ট কৰি দিছে যে নিৰ্ধাৰিত মানহীন হিচাপে চিহ্নিত হোৱাটো কেৱল পৰীক্ষা কৰা নিৰ্দিষ্ট বেটচটোৰ ক্ষেত্ৰতহে প্ৰযোজ্য। ইয়াৰ অৰ্থ এইটো নহয় যে সংশ্লিষ্ট ঔষধটোৰ প্ৰতিটো বেটচ বা নিৰ্মাণকাৰী কোম্পানীটোৰ সকলো ঔষধেই মানহীন।

আনহাতে, অসমত ৰাজ্যিক অনুজ্ঞাপত্ৰ প্ৰদান কৰ্তৃপক্ষৰ নিৰীক্ষণত এটা নকল ঔষধৰ নমুনা ধৰা পৰিছে। সংস্থাটোৰ তথ্য অনুসৰি, আনুষ্ঠানিক অনুমোদন নথকা এটা প্ৰতিষ্ঠানে অন্য এটা ঔষধ কোম্পানীৰ ব্ৰেণ্ড নাম ব্যৱহাৰ কৰি ঔষধটো প্ৰস্তুত কৰাৰ অভিযোগ উত্থাপন হৈছে।

গুণগত মানদণ্ড পূৰণ নকৰা আৰু নকল ঔষধৰ মাজত যথেষ্ট পাৰ্থক্য আছে। নিৰ্ধাৰিত মানহীন ঔষধৰ ক্ষেত্ৰত নমুনাই প্ৰয়োজনীয় চৰ্ত পূৰণ নকৰে, কিন্তু নকল ঔষধৰ ক্ষেত্ৰত ঔষধটোৰ প্ৰকৃত পৰিচয় বা প্ৰস্তুতকাৰকৰ বৈধতাক লৈয়ে প্ৰশ্ন উত্থাপন হয়।

অসমৰ এই ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে বুলি ঔষধ নিয়ন্ত্ৰক সংস্থাটোৱে জানিবলৈ দিছে। ড্ৰাগছ এণ্ড কছমেটিকছ আইন আৰু সংশ্লিষ্ট বিধি অনুসৰি দোষীৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও সংস্থাটোৱে উল্লেখ কৰিছে। অৱশ্যে ঘটনাৰ লগত জড়িত সন্দেহযুক্ত প্ৰতিষ্ঠান বা ঔষধটোৰ সবিশেষ তথ্য এতিয়াও প্ৰকাশ কৰা হোৱা নাই। দেশজুৰি চলি থকা এনে নিৰীক্ষণৰ মাজতে অসমত নকল ঔষধ ধৰা পৰা ঘটনাই ঔষধ প্ৰস্তুত আৰু বিতৰণ ব্যৱস্থাত অধিক তদাৰকীৰ প্ৰয়োজনীয়তা পুনৰ স্পষ্ট কৰি তুলিছে।