শ্বিলঙত প্ৰস্তাৱিত ৰ'পৱে প্ৰকল্পৰ নিৰ্ধাৰিত স্থান সলনিৰ দাবীত ৰাজ্যপাল চি এইচ বিজয়শংকৰৰ হস্তক্ষেপ বিচাৰিছে জইণ্ট একশ্যন কমিটী চমুকৈ জেএচিয়ে।
শ্বিলং, ২৫ নৱেম্বৰ: মেঘালয়ৰ শ্বিলঙত প্ৰস্তাৱিত ৰ'পৱে প্ৰকল্পৰ নিৰ্ধাৰিত স্থান সলনিৰ দাবীত প্ৰতিবাদ অব্যাহত ৰাখিছে জইণ্ট একশ্যন কমিটী চমুকৈ জেএচিয়ে।
জেএচিৰ নেতৃত্বই সদৰী কৰা মতে, ৰাজ্যপালে প্ৰতিনিধি দলটোৰ বক্তব্য মনোযোগেৰে শুনে আৰু সমগ্ৰ বিষয়টো ৰাজ্য চৰকাৰৰ সৈতে আলোচনা কৰাৰ আশ্বাস দিয়ে।
সমিতিখনে স্পষ্ট কৰি দিয়ে যে তেওঁলোকে সামগ্ৰিকভাৱে ৰ'পৱে প্ৰকল্পৰ বিৰোধিতা কৰা নাই, বৰঞ্চ প্ৰকল্পৰ বাবে নিৰ্বাচিত স্থানক লৈহে আপত্তি জনাইছে।
ৰাজ্যপালক সাক্ষাৎ কৰাৰ পাছতো সমিতিখনে প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ কৰা নাই।
newznow.in