শ্বিলং, ২৫ নৱেম্বৰ: মেঘালয়ৰ শ্বিলঙত প্ৰস্তাৱিত ৰ'পৱে প্ৰকল্পৰ নিৰ্ধাৰিত স্থান সলনিৰ দাবীত প্ৰতিবাদ অব্যাহত ৰাখিছে জইণ্ট একশ্যন কমিটী চমুকৈ জেএচিয়ে। প্ৰকল্পটোৰ স্থান পৰিৱৰ্তন অথবা বাতিলৰ দাবীত বিগত ২০ দিন ধৰি আন্দোলন চলাই অহা সমিতিখনে এইবাৰ মেঘালয়ৰ ৰাজ্যপাল চি এইচ বিজয়শংকৰৰ হস্তক্ষেপ বিচাৰিছে। বুধবাৰে জেএচিৰ এটি প্ৰতিনিধি দলে শ্বিলঙৰ ৰাজভৱনত ৰাজ্যপালগৰাকীক সাক্ষাৎ কৰে। সমিতিৰ সভানেত্ৰী ডেবৰা মাৰবানিয়াং আৰু সম্পাদিকা ড০ লিণ্ডা মাৰবানিয়াঙৰ নেতৃত্বত যোৱা এই প্ৰতিনিধি দলটোৱে প্ৰস্তাৱিত স্থানত ৰ'পৱে নিৰ্মাণ কৰিলে হ'ব পৰা সমস্যা আৰু আপত্তিসমূহ ৰাজ্যপালৰ ওচৰত দাঙি ধৰে।
জেএচিৰ নেতৃত্বই সদৰী কৰা মতে, ৰাজ্যপালে প্ৰতিনিধি দলটোৰ বক্তব্য মনোযোগেৰে শুনে আৰু সমগ্ৰ বিষয়টো ৰাজ্য চৰকাৰৰ সৈতে আলোচনা কৰাৰ আশ্বাস দিয়ে। সমিতিৰ সম্পাদিকা ড০ লিণ্ডা মাৰবানিয়াঙেও ৰাজ্যপালে তেওঁলোকৰ অভিযোগসমূহ গুৰুত্বসহকাৰে লোৱা বুলি জানিবলৈ দিয়ে।
সমিতিখনে স্পষ্ট কৰি দিয়ে যে তেওঁলোকে সামগ্ৰিকভাৱে ৰ'পৱে প্ৰকল্পৰ বিৰোধিতা কৰা নাই, বৰঞ্চ প্ৰকল্পৰ বাবে নিৰ্বাচিত স্থানক লৈহে আপত্তি জনাইছে। প্ৰস্তাৱিত স্থানত নিৰ্মাণকাৰ্য চলাই থাকিলে পৰিৱেশ ধ্বংস হোৱাৰ উপৰি শ্বিলঙৰ গুৰুত্বপূৰ্ণ জলউৎস লুম শ্বিলঙৰ ব্যাপক ক্ষতি হোৱাৰ আশংকা আছে। সেইবাবে প্ৰকল্পটো বাতিল কৰা অথবা অন্য কোনো সুবিধাজনক স্থানলৈ স্থানান্তৰ কৰাৰ দাবী জনাইছে সমিতিয়ে।
ৰাজ্যপালক সাক্ষাৎ কৰাৰ পাছতো সমিতিখনে প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ কৰা নাই। শ্বিলং অসামৰিক চিকিৎসালয়ৰ সন্মুখত থকা উ কিৱাং নাংবাহৰ প্ৰতিমূৰ্তিৰ কাষত সমিতিৰ মহিলা সদস্যসকলে ধৰ্ণা কাৰ্যসূচী অব্যাহত ৰাখিছে। প্ৰতিবাদৰ ২০ দিন অতিক্ৰম কৰাৰ পাছতো প্ৰতিবাদকাৰীসকল নিজ দাবীত অটল হৈ আছে।
ৰাজ্য চৰকাৰে তেওঁলোকৰ এই দাবীক গুৰুত্ব নিদিলে আন্দোলন আৰু অধিক তীব্ৰতৰ কৰি তোলাৰ সকীয়নি দিছে সমিতিখনে। ৰাজ্যপালৰ আশ্বাসৰ পাছতো এতিয়ালৈকে কোনো কাৰ্যসূচী বাতিল কৰা হোৱা নাই বুলি প্ৰতিবাদকাৰীসকলে স্পষ্ট কৰি দিয়ে।