অহা এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিব জাগীৰোডৰ প্ৰায় ২৭ হাজাৰ কোটি টকীয়া ছেমিকণ্ডাক্টৰ প্ৰকল্পটো।
ৰাজ্যবাসীলৈ বিহুৰ উপহাৰ হিচাপে অহা এপ্ৰিল মাহত জাগীৰোডৰ বহুচৰ্চিত ছেমিকণ্ডাক্টৰ প্ৰকল্পটো মুকলি কৰা হ’ব।
মুখ্যমন্ত্ৰীয়ে সদৰী কৰা অনুসৰি, জাগীৰোডৰ এই ছেমিকণ্ডাক্টৰ উদ্যোগটোত প্ৰায় ২৭ হাজাৰ কোটি টকা ব্যয় কৰা হৈছে।
ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ সমান্তৰালকৈ নুমলীগড় শোধনাগাৰৰ সম্প্ৰসাৰণ আৰু খাৰুৱা তেলৰ যোগান সন্দৰ্ভতো কেইবাটাও গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে।
এই শোধনাগাৰত প্ৰতি বছৰে ৬ নিযুত মেট্ৰিক টন পৰিমাণৰ তেল শোধন কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।
newznow.in