২৫ নৱেম্বৰ, ২০২৬

ৰাজ্যবাসীলৈ বিহুৰ উপহাৰ হিচাপে অহা এপ্ৰিল মাহত জাগীৰোডৰ বহুচৰ্চিত ছেমিকণ্ডাক্টৰ প্ৰকল্পটো মুকলি কৰা হ’ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই প্ৰকল্পটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্ৰীয়ে সদৰী কৰা অনুসৰি, জাগীৰোডৰ এই ছেমিকণ্ডাক্টৰ উদ্যোগটোত প্ৰায় ২৭ হাজাৰ কোটি টকা ব্যয় কৰা হৈছে। প্ৰকল্পটোত ইতিমধ্যে পৰীক্ষামূলকভাৱে চিপছ নিৰ্মাণৰ কাম আৰম্ভ হৈছে। অসমৰ যুৱক-যুৱতীসকলে বিদেশী কোম্পানীসমূহৰ প্ৰয়োজনীয় চিপছ নিৰ্মাণৰ কামত অংশ লোৱা বুলিও তেখেতে জানিবলৈ দিয়ে।

পাৰাদ্বীপৰ পৰা পাইপলাইনেৰে নুমলীগড়লৈ আহিব খাৰুৱা তেল

ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ সমান্তৰালকৈ নুমলীগড় শোধনাগাৰৰ সম্প্ৰসাৰণ আৰু খাৰুৱা তেলৰ যোগান সন্দৰ্ভতো কেইবাটাও গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে। তেওঁ জনায় যে ওড়িশাৰ পাৰাদ্বীপ বন্দৰৰ পৰা বিশেষ পাইপলাইনেৰে নুমলীগড়লৈ খাৰুৱা তেল অনাৰ ব্যৱস্থা কৰা হৈছে।

এই শোধনাগাৰত প্ৰতি বছৰে ৬ নিযুত মেট্ৰিক টন পৰিমাণৰ তেল শোধন কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। শোধন কৰা তেলজাত সামগ্ৰীসমূহ ভাৰতৰ বজাৰত বিক্ৰীৰ বাবে প্ৰেৰণ কৰা হ’ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। নুমলীগড় শোধনাগাৰৰ সম্প্ৰসাৰণ তথা নিৰ্মাণকাৰ্য অহা এপ্ৰিল মাহত সম্পূৰ্ণ হৈ উঠিব।

পেৰাচিটামল প্ৰস্তুতৰ নতুন উদ্যোগ

নুমলীগড় শোধনাগাৰত উৎপাদিত সামগ্ৰীৰ আধাৰত পেৰাচিটামল প্ৰস্তুত কৰাৰ বাবেও বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে। এই উদ্দেশ্যে আন এটা নিৰ্মাণ গোটৰ আধাৰশিলা ইতিমধ্যে স্থাপন কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে।