অসম

কাছাৰ জিলা বিজেপি সভাপতি ৰূপম সাহাৰ বিৰুদ্ধে ব্যাপক অনিয়মৰ গুৰুতৰ অভিযোগ বিধায়ক আমিনুল হক লস্কৰৰ

NewzNow · ২৫ নৱেম্বৰ ২০২৬

১ / ৫

কাছাৰৰ সোণাইত বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰ মেৰামতিৰ নামত ব্যাপক লুণ্ঠন চলাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিলে বিধায়ক আমিনুল হক লস্কৰে।

২ / ৫

কাছাৰ জিলাৰ সোণাই বিধানসভা সমষ্টিত জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ (ডিডিএমএ) অধীনত বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ নামত ব্যাপক অনিয়ম আৰু কেলেংকাৰি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে বিধায়ক…

৩ / ৫

নিজ বাসগৃহত আয়োজিত এক সংবাদমেলত বিধায়কগৰাকীয়ে কাছাৰ জিলা বিজেপিৰ সভাপতি ৰূপম সাহা, ডিডিএমএৰ প্ৰকল্প বিষয়া শামীম আহমেদ আৰু সৰ্বশিক্ষাৰ সংশ্লিষ্ট অভিযন্তাৰ গোপন বুজাবুজিত সোণাইত অবাধ লুণ্ঠন…

৪ / ৫

বিধায়ক আমিনুল হক লস্কৰে সদৰী কৰা মতে, ২০২২ চনৰ বানপানীত ক্ষতিগ্ৰস্ত শিক্ষানুষ্ঠান আৰু অংগনৱাড়ী কেন্দ্ৰসমূহৰ মেৰামতিৰ বাবে প্ৰায় ১৫ কোটি টকা আবণ্টন দিয়া হৈছিল।

৫ / ৫

কিন্তু জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই কোনো ধৰণৰ প্ৰাক্‌কলন আৰু কাৰিকৰী অনুমোদন অবিহনেই ঠিকাদাৰ নিযুক্তি দি কাম আৰম্ভ কৰাইছে বুলি বিধায়কগৰাকীয়ে অভিযোগ কৰে।

কাছাৰ জিলা বিজেপি সভাপতি ৰূপম সাহাৰ বিৰুদ্ধে ব্যাপক অনিয়মৰ গুৰুতৰ অভিযোগ বিধায়ক আমিনুল হক লস্কৰৰ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক