কাছাৰ জিলাৰ সোণাই বিধানসভা সমষ্টিত জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ (ডিডিএমএ) অধীনত বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ নামত ব্যাপক অনিয়ম আৰু কেলেংকাৰি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে বিধায়ক আমিনুল হক লস্কৰে।
নিজ বাসগৃহত আয়োজিত এক সংবাদমেলত বিধায়কগৰাকীয়ে কাছাৰ জিলা বিজেপিৰ সভাপতি ৰূপম সাহা, ডিডিএমএৰ প্ৰকল্প বিষয়া শামীম আহমেদ আৰু সৰ্বশিক্ষাৰ সংশ্লিষ্ট অভিযন্তাৰ গোপন বুজাবুজিত সোণাইত অবাধ লুণ্ঠন চলি থকা বুলি বিস্ফোৰক অভিযোগ তোলে।
বিধায়ক আমিনুল হক লস্কৰে সদৰী কৰা মতে, ২০২২ চনৰ বানপানীত ক্ষতিগ্ৰস্ত শিক্ষানুষ্ঠান আৰু অংগনৱাড়ী কেন্দ্ৰসমূহৰ মেৰামতিৰ বাবে প্ৰায় ১৫ কোটি টকা আবণ্টন দিয়া হৈছিল। ইয়াৰে নিম্ন প্ৰাথমিক, মধ্য ইংৰাজী আৰু উচ্চ বিদ্যালয়সমূহৰ বাবে প্ৰায় ১৩ কোটি টকা আৰু অংগনৱাড়ী কেন্দ্ৰসমূহৰ বাবে প্ৰায় ২ কোটি টকা ধাৰ্য কৰা হৈছিল।
কিন্তু জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই কোনো ধৰণৰ প্ৰাক্কলন আৰু কাৰিকৰী অনুমোদন অবিহনেই ঠিকাদাৰ নিযুক্তি দি কাম আৰম্ভ কৰাইছে বুলি বিধায়কগৰাকীয়ে অভিযোগ কৰে। সমষ্টিটোৰ অধিকাংশ কামৰ ঠিকা বিজেপিৰ জিলা সভাপতি ৰূপম সাহাই লাভ কৰা বুলিও তেওঁ দাবী কৰে।
বিজেপি নেতাজনে দলীয় কাম-কাজ এৰি সোণাইৰ উন্নয়নমূলক কামত হস্তক্ষেপ কৰি বিষয়া-কৰ্মচাৰীৰ সৈতে মিলি ব্যাপক লুণ্ঠন চলাইছে বুলি বিধায়কগৰাকীয়ে ক্ষোভ প্ৰকাশ কৰে। তেওঁ সমগ্ৰ বিষয়টোৰ উচিত তদন্ত দাবী কৰাৰ লগতে আগন্তুক বিধানসভাৰ অধিৱেশনত এই প্ৰসংগ উত্থাপন কৰিব বুলি স্পষ্ট কৰি দিয়ে।