জটিল ৰোগত আক্ৰান্ত হৈ গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন অভিনেতা ৰূপম শৰ্মাৰ উন্নত চিকিৎসাৰ বাবে আৰ্থিক সাহায্য আগবঢ়ালে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই।
অসমৰ সাংস্কৃতিক জগতৰ পৰিচিত অভিনেতা ৰূপম শৰ্মা জটিল ৰোগত আক্ৰান্ত হৈ গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালৰ আই চি ইউত চিকিৎসাধীন হৈ আছে।অসুস্থ অভিনেতা ৰূপম শৰ্মাৰ চিকিৎসাৰ বাবে আৰ্থিক সাহায্য প্ৰদান…
বিগত প্ৰায় দুবছৰ ধৰি অসুস্থতাত ভুগি থকা অভিনেতাগৰাকীৰ শেহতীয়াকৈ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত পুনৰ হাস্পতালত ভৰ্তি কৰোৱা হয়।
ইয়াৰ উপৰি, অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ডাঃ আলেখ্য বৰুৱাইও হাস্পতালত উপস্থিত হৈ অভিনেতাগৰাকীৰ স্বাস্থ্যৰ বুজ লয় আৰু তেওঁৰ আশু আৰোগ্য কামনা কৰে।
চিকিৎসাৰ বাবে অভিনেতাগৰাকীক জৰুৰীভাৱে ‘অ’ নিগেটিভ’ তেজৰ প্ৰয়োজন হৈছে বুলি পৰিয়ালৰ লোকে জনাইছে।
newznow.in