অসমৰ সাংস্কৃতিক জগতৰ পৰিচিত অভিনেতা ৰূপম শৰ্মা জটিল ৰোগত আক্ৰান্ত হৈ গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালৰ আই চি ইউত চিকিৎসাধীন হৈ আছে।অসুস্থ অভিনেতা ৰূপম শৰ্মাৰ চিকিৎসাৰ বাবে আৰ্থিক সাহায্য প্ৰদান কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই।
বিগত প্ৰায় দুবছৰ ধৰি অসুস্থতাত ভুগি থকা অভিনেতাগৰাকীৰ শেহতীয়াকৈ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত পুনৰ হাস্পতালত ভৰ্তি কৰোৱা হয়। তেওঁৰ এই ব্যয়বহুল চিকিৎসাৰ বাবে পৰিয়ালৰ লোকে ৰাইজৰ সহায় বিচৰাৰ পিছতে ৰাজ্যৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই অভিনেতাগৰাকীৰ উন্নত চিকিৎসাৰ বাবে আৰ্থিক সাহায্য আগবঢ়ায়।
ইয়াৰ উপৰি, অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ডাঃ আলেখ্য বৰুৱাইও হাস্পতালত উপস্থিত হৈ অভিনেতাগৰাকীৰ স্বাস্থ্যৰ বুজ লয় আৰু তেওঁৰ আশু আৰোগ্য কামনা কৰে।
চিকিৎসাৰ বাবে অভিনেতাগৰাকীক জৰুৰীভাৱে ‘অ’ নিগেটিভ’ তেজৰ প্ৰয়োজন হৈছে বুলি পৰিয়ালৰ লোকে জনাইছে। পত্নী হিমানী শৰ্মাইও ৰূপম শৰ্মাৰ আশু আৰোগ্যৰ বাবে সকলোৰে আশীৰ্বাদ আৰু সহায় বিচাৰিছে। তেজ দান বা চিকিৎসাৰ সহায়ৰ বাবে পৰিয়ালৰ ফালৰ পৰা ৮৪৮৬৯-৬৪১৭৩ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হৈছে।
নলবাৰীৰ অভিনেতা ৰূপম শৰ্মাই মঞ্চ, ভ্ৰাম্যমাণ থিয়েটাৰ, ধাৰাবাহিক আৰু অসমীয়া কথাছবিত অভিনয় কৰি আহিছে। তেওঁ ২০১৩ চনত মুক্তিপ্ৰাপ্ত ‘তুমি যদি কোৱা’ নামৰ চলচ্চিত্ৰখনতো অভিনয় কৰিছিল।